• Home
  • »
  • News
  • »
  • assam
  • »
  • Uruka Fish Market : উৰুকাৰ মাছ বজাৰত পুৱাৰ পৰাই ৰাইজৰ ভিৰ, বঙাইগাঁৱৰ তামৰঙা বিলৰ পাৰত ওলাইছে ১৫ কেজি ওজনৰ মাছ

Uruka Fish Market : উৰুকাৰ মাছ বজাৰত পুৱাৰ পৰাই ৰাইজৰ ভিৰ, বঙাইগাঁৱৰ তামৰঙা বিলৰ পাৰত ওলাইছে ১৫ কেজি ওজনৰ মাছ

বিলৰ পৰা  ১০ৰ পৰা ১৫ কেজি ওজনলৈ মাছ উঠোৱাৰ পিছত গ্ৰাহকসকলে আনন্দ মনে ক্ৰয় কৰি ঘৰলৈ নিয়া পৰিলক্ষিত হৈছে ৷

বিলৰ পৰা  ১০ৰ পৰা ১৫ কেজি ওজনলৈ মাছ উঠোৱাৰ পিছত গ্ৰাহকসকলে আনন্দ মনে ক্ৰয় কৰি ঘৰলৈ নিয়া পৰিলক্ষিত হৈছে ৷

বিলৰ পৰা  ১০ৰ পৰা ১৫ কেজি ওজনলৈ মাছ উঠোৱাৰ পিছত গ্ৰাহকসকলে আনন্দ মনে ক্ৰয় কৰি ঘৰলৈ নিয়া পৰিলক্ষিত হৈছে ৷

  • Share this:
আজি উৰুকা। লগে ভাগে এসাজ খোৱাৰ মানসেৰে পুৱাৰ পৰাই ৰাজ্যৰ মাছ বজাৰত ভিৰ কৰিছে বিহু বলিয়া ৰাইজে। উৰুকাৰ ভোজ মানেই ডাঙৰ মাছৰ পয়োভৰ।  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ওলাইছে বিভিন্ন ধৰণৰ মাছ। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ ডাঙৰ মাছটো কিনিবলৈ বজাৰত বাঢ়িছে গ্ৰাহকৰ ভিৰ।

একে সময়তে বহু ঠাইত আজি পৰম্পৰাগতভাৱে বিল-জলাশয়ত মাছ মৰা পৰ্বও সম্পন্ন হয়। তামৰঙা বিলৰ মাছ মাৰি উঠাৰ পিছত বিলৰ পাৰতে ৰাইজৰ বাবে বিক্ৰীৰ ব্যৱস্থা কৰা হয়। সেয়ে বঙাইগাঁৱৰ তামৰঙা বিলৰ পাৰতো ৰাইজৰ ভিৰ ৷ বিলখনৰ পাৰত গঢ়ি উঠা মাছৰ বজাৰত পুৱাৰে পৰা ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।

উৰুকাৰ নিশা এসাজ খোৱাৰ বাবে এইদৰে বিভিন্ন ঠাইৰ পৰা লোক আহি মাছ ক্ৰয় কৰাত লাগি পৰিছে ৷ তামৰঙা বিলৰ মাছৰ এক সুনাম থকাৰ বাবে উৰুকাৰ নিশা এসাজ ভাল দৰে খোৱাৰ বাবে ৰাইজ পুৱাই ওলাই অহা পৰিলক্ষিত হৈছে ৷ বিলৰ পৰা  ১০ৰ পৰা ১৫ কেজি ওজনলৈ মাছ উঠোৱাৰ পিছত গ্ৰাহকসকলে আনন্দ মনে ক্ৰয় কৰি ঘৰলৈ নিয়া পৰিলক্ষিত হৈছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি