‘মুছলমান মহিলাৰ বোৰ্খা আৰু অসমীয়া মহিলাৰ উৰণিৰ মাজত নাই পাৰ্থক্য’- বীৰ লাচিত সেনাৰ নেতাৰ মন্তব্যকলৈ ব্যাপক প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:November 2, 2020, 7:15 PM IST
‘মুছলমান মহিলাৰ বোৰ্খা আৰু অসমীয়া মহিলাৰ উৰণিৰ মাজত নাই পাৰ্থক্য’- বীৰ লাচিত সেনাৰ নেতাৰ মন্তব্যকলৈ ব্যাপক প্ৰতিক্ৰিয়া
মিঞা পাব্লিক স্কুলকলৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে অসমীয়া মহিলাৰ উৰণিক সংখ্যালঘু মহিলাৰ বোৰ্খাৰ সৈতে তুলনা কৰিলে বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰুৱাই।

মিঞা পাব্লিক স্কুলকলৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে অসমীয়া মহিলাৰ উৰণিক সংখ্যালঘু মহিলাৰ বোৰ্খাৰ সৈতে তুলনা কৰিলে বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰুৱাই।

  • Share this:
মিঞা পাব্লিক স্কুলকলৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে অসমীয়া মহিলাৰ উৰণিক সংখ্যালঘু মহিলাৰ বোৰ্খাৰ সৈতে তুলনা কৰিলে বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰুৱাই। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ গৈ বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে কয়, ‘অসমীয়া জাতিৰ বাবে বীৰ লাচিত বৰফুকন আৰু ইছমাইল ছিদ্দিকিৰ অৱদান সমান। কিন্তু শিলাদিত্য, সত্যৰঞ্জন বৰাৰ দৰে একাংশ ভণ্ড হিন্দুত্ববাদী নেতাই অসমখনক ভাগ ভাগ কৰিছে।’ বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে লগতে আজমলকো বিশ্বাস নকৰিবলৈ আহ্বান জনায়।

আনহাতে মিঞা মিউজিয়াম আৰু মিঞা পাব্লিক স্কুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয় , "মিঞা অসম তথা অসমীয়া জাতিৰ বাবে এটা সন্মানসূচক শব্দ। আমি মিঞাক সন্মান কৰো। কিন্তু এচাম ভণ্ড ৰাজনীতিবিদে মিঞা, গেদা আদি শব্দৰে মুছলমানক অপমান কৰিছে। মিঞা মানে বাংলাদেশী বুলি তুচ্ছ-তাচ্ছিল্য কৰা হৈছে। লুঙী-টুপি পিন্ধিলেই বাংলাদেশী বুলি স্বীকৃতি দিয়ে।"

ৰূপহীহাটৰ দ-গাঁৱত অনুস্থিত সভাত নতুনকৈ গঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ আহ্বান জনাই বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয়, ‘অনাগত নিৰ্বাচনত বীৰ লাচিত সেনাই ৰূপহীহাটত প্ৰাৰ্থী নিৰ্বাচন নকৰে। ৰূপহীৰ ৰাইজে বিচৰা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব দিব বীৰ লাচিত সেনাই।’

ৰূপহীহাটৰ দ-গাঁৱত সোমবাৰে বিয়লি অনুষ্ঠিত কৰা সভাত শতাধিক সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰে।
Published by: Himangshu Bhuyan
First published: November 2, 2020, 7:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading