আজি অসামৰিক সেৱা পৰীক্ষা (UPSC) ২০২২ৰ ফলাফল ঘোষণা হৈছে। UPSCত দেশৰ ভিতৰত সৰ্বোচ্চ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ মাজখোৱাৰ নিবাসী ময়ূৰ হাজৰিকাই।
তেজপুৰৰ অভিযন্তা কৃষ্ণ হাজৰিকা আৰু মৌচুমী হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ ২০১৩ চনত তেজপুৰ ডন বস্কোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ দশম স্থান দখল কৰিছিল। ইয়াৰ পিছত ২০১৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগৰ পৰা শীৰ্ষ নৱম স্থান দখল কৰে। তেওঁ MBBS পাছ কৰি এজন চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল।
তেওঁ কয় যে, ‘‘অসমীয়া হিচাবে সঁচাই গৌৰৱ কৰিছোঁ কিয়নো অসমৰ পৰা বেছি সংখ্যক লোকে এই পৰীক্ষা নিদিয়ে।’’ লগতে ক’লে যে, ‘‘কষ্ট কৰিব লাগিব, কোনো চৰ্টকাট নাই। লগতে কৌশল অৱলম্বন কৰি পঢ়িব লাগিব। UPSC পাঠ্যক্ৰম বহুত ডাঙৰ, সেয়েহে গোটেইখিনি পঢ়াটো সম্ভৱ নহয়, গতিকে বাছনি কৰি লৈ পঢ়িব লাগে।’’
উল্লেখ্য যে, ময়ূৰে নিজাববীয়াকৈ UPSCৰ বাবে পঢ়িছিল। তেওঁ মাজে সময়ে কিবা অসুবিধা পালে অনলাইল ৱৰ্কচপ, কোচিং ইত্যাদি কৰিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 23, 2023, 15:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।