உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ইউ পি এছ চি পৰীক্ষাত উজলি উঠা টীয়কৰ নিবেদিতাই জীৱনৰ প্ৰথম দৰমহাৰে কৰিছিল এই কাম

    ইউ পি এছ চি পৰীক্ষাত উজলি উঠা টীয়কৰ নিবেদিতাই জীৱনৰ প্ৰথম দৰমহাৰে কৰিছিল এই কাম

    টীয়কৰ অতি ভিতৰুৱা গাঁৱৰ সন্তান হৈ উজলি উঠা নিবেদিতা দত্তৰ সাফল্যৰ খবৰ পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী।

    টীয়কৰ অতি ভিতৰুৱা গাঁৱৰ সন্তান হৈ উজলি উঠা নিবেদিতা দত্তৰ সাফল্যৰ খবৰ পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী।

    টীয়কৰ অতি ভিতৰুৱা গাঁৱৰ সন্তান হৈ উজলি উঠা নিবেদিতা দত্তৰ সাফল্যৰ খবৰ পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী।

    • Share this:
    আজি ঘোষণা কৰা ইউ পি এছ চি চিভিল ছাৰ্ভিচেছ পৰীক্ষা-২০১৯ৰ ফলাফলত জিলিকিল টীয়কৰ সন্তান নিবেদিতা দত্ত। টীয়কৰ কৃষ্ণকান্ত দত্ত আৰু জোনা দত্তৰ একমাত্ৰ সন্তান নিবেদিতা দত্তই ৬৭৯সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়। সামৰিক বাহিনীৰ বিষয়া কৃষ্ণকান্ত দত্ত কৰ্মসূত্ৰে পুনেৰ বাসিন্দা হোৱাত নিবেদিতা দত্তই স্কুলীয়া জীৱন পুনেতেই আৰম্ভ কৰিছিল। পুনেস্থিত আৰ্মি ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী আৰু পুনে বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। সম্প্ৰতি দিল্লীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰি আছিল নিবেদিতা দত্তই।

    টীয়কৰ অতি ভিতৰুৱা গাঁৱৰ সন্তান হৈ উজলি উঠা নিবেদিতা দত্তৰ সাফল্যৰ খবৰ পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী। স্থানীয় লোক তথা পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি, নিবেদিতাৰ এনে সফলতাৰ বাবে গাঁওবাসী আজি গৌৰৱান্বিত। ইপিনে নিবেদিতা দত্তৰ খুড়াক যোৰহাট শংকৰদেৱৰ চেমিনাৰীৰ শিক্ষক ৰাতুল দত্তই জনোৱা মতে, যদিও কৰ্মসূত্ৰে তেওঁলোক পুনেৰ বাসিন্দা, তথাপিও কিন্তু পৰিয়াল তথা গাঁওবাসীৰ লগত সঘন যোগাযোগ আছে। গাঁৱৰ বাৰ্ষিক ভাওনা অথবা আন ৰাজহুৱা অনুষ্ঠানত অংশ ল’বলৈ আহে তেওঁলোক।

    স্বাভাৱিকতেই অতি অমায়িক তথা মেধাৱী নিবেদিতাই সংস্থাপন লাভ কৰিয়েই পোৱা জীৱনৰ প্ৰথমটো দৰমহাৰ দহ হাজাৰ টকা আগবঢ়াইছিল নিজ গাঁৱৰ নামঘৰলৈ। দুবছৰীয়া সাধনাৰ অন্তত প্ৰথমবাৰতেই ইউ পি এছ চি পৰীক্ষাত সফলতা আজুৰি অনা নিবেদিতা দত্তলৈ NEWS18 ৰ পৰিয়ালৰ ফালৰ পৰাও জনাইছো অভিনন্দন।
    Published by:Sanjay Kumar Das
    First published: