• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰথমবাৰলৈ ইউপিপিএলৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত ৰণগৌৰা নাৰ্জাৰী, চিৰাঙত আনন্দৰ বন্যা

প্ৰথমবাৰলৈ ইউপিপিএলৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত ৰণগৌৰা নাৰ্জাৰী, চিৰাঙত আনন্দৰ বন্যা

কাজলগাঁওস্থিত ইউপিপিএল কাৰ্যালয়ত দলীয় কৰ্মী-সমৰ্থকসকলে নাচি–বাগি আনন্দ প্ৰকাশ কৰে।

কাজলগাঁওস্থিত ইউপিপিএল কাৰ্যালয়ত দলীয় কৰ্মী-সমৰ্থকসকলে নাচি–বাগি আনন্দ প্ৰকাশ কৰে।

কাজলগাঁওস্থিত ইউপিপিএল কাৰ্যালয়ত দলীয় কৰ্মী-সমৰ্থকসকলে নাচি–বাগি আনন্দ প্ৰকাশ কৰে।

  • Share this:


দাবী কৰা ধৰণেই ৰাজ্যসভাৰ নিৰ্বাচনৰ দুয়োখন আসনত জয়লাভ কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে। প্ৰথমখন আসনত পৱিত্ৰ মাৰ্ঘেৰিটা আৰু দ্বিতীয়খন আসনত ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে। পৰাস্ত হ’ল বিৰোধীৰ প্ৰাৰ্থী ৰিপুণ বৰা।

ৰাজ্যসভাৰ সাংসদ হিচাপে ৰৌণগৌৰা নাৰ্জাৰীৰ জয়লাভত চিৰাঙত আনন্দৰ বন্যা দেখিবলৈ পোৱা গ’ল৷ কাজলগাঁওস্থিত ইউপিপিএল কাৰ্যালয়ত দলীয় কৰ্মী-সমৰ্থকসকলে নাচি–বাগি আনন্দ প্ৰকাশ কৰে। ইউপিপিএল প্ৰাৰ্থীজন জয়ী ঘোষণা কৰাৰ পিছতে আতচবাজী ফুটাই বিজয়োৎসৱ পালন কৰে সমৰ্থকসকলে৷ ইউপিপিএল দলৰ পৰা প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ পদ লাভ কৰাৰ বাবে নাৰ্জাৰীৰ গৃহ জিলাৰ কৰ্মীসকল উৎফুলিত হোৱা পৰিলক্ষিত হয়।
Published by:Sanjay Kumar Das
First published: