• Home
  • »
  • News
  • »
  • assam
  • »
  • সাংবাদিকসকলৰ বাবে UPPLৰ বিশেষ ঘোষণা, বিটিএডিত চৰকাৰ গঠন কৰিলে ১০ কোটি টকাৰে হ’ব ‘জাৰ্নেলিষ্ট ৱেলফেয়াৰ ব’ৰ্ড’

সাংবাদিকসকলৰ বাবে UPPLৰ বিশেষ ঘোষণা, বিটিএডিত চৰকাৰ গঠন কৰিলে ১০ কোটি টকাৰে হ’ব ‘জাৰ্নেলিষ্ট ৱেলফেয়াৰ ব’ৰ্ড’

সভাপতি প্ৰমোদ বড়োৱে সাংবাদিক আৰু পৰিয়ালৰ লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত বছৰি দহ কোটি টকা বাজেটেৰে 'জাৰ্নেলিষ্ট ৱেলফায়াৰ ব’ৰ্ড' গঠনৰ কথা সদৰি কৰে৷

  • Share this:
সাংবাদিকৰ বাবে বিশেষ আঁচনি ঘোষণা ইউপিপিএলৰ৷ আগন্তক দিনত বিটিএডিত চৰকাৰ গঠন কৰিলে সাংবাদিকসকলৰ বাবে দলৰ তৰফৰ পৰা বিশেষ সা–সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে৷ কাজলগাঁও প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি সভাপতি প্ৰমোদ বড়োৱে সাংবাদিক আৰু পৰিয়ালৰ লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত বছৰি দহ কোটি টকা বাজেটেৰে 'জাৰ্নেলিষ্ট ৱেলফায়াৰ ব’ৰ্ড' গঠনৰ কথা সদৰি কৰে৷

আনহাতে, সাংবাদিকসকলৰ গ্ৰুপ ইন্সুৰেঞ্চ কৰাৰ লগতে প্ৰতিবছৰে দহ গৰাকীক আন্তঃৰাষ্ট্ৰীয় আৰু চল্লিশগৰাকী সাংবাদিকক ৰাষ্ট্ৰীয় পৰ্যায়ত ভ্ৰমণৰ ব্যৱস্থা কৰা হ’ব বুলি সভাপতি বড়োৱে সদৰি কৰে৷

ইয়াৰ উপৰি সংবাদ মেলত প্ৰেছ ক্লাবসমূহৰ আন্তঃগাঁথনি উন্নয়ন,  জিলা সদৰত জাৰ্নেলিষ্ট ক’লনী স্থাপনকে ধৰি আগন্তক দিনত দলে সাংবাদিকসকলৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা বুলিও সভাপতি বড়োৱে মন্তব্য কৰে৷
Published by:Sanjay Kumar Das
First published: