• Home
  • »
  • News
  • »
  • assam
  • »
  • BTC By Election: বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নাম ঘোষণা

BTC By Election: বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নাম ঘোষণা

 মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয়ী হ'ব বুলি মত প্ৰকাশ ৰণগৌৰা নাৰ্জাৰীকে ধৰি প্ৰমোদ বড়োৰ

মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয়ী হ'ব বুলি মত প্ৰকাশ ৰণগৌৰা নাৰ্জাৰীকে ধৰি প্ৰমোদ বড়োৰ

মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয়ী হ'ব বুলি মত প্ৰকাশ ৰণগৌৰা নাৰ্জাৰীকে ধৰি প্ৰমোদ বড়োৰ

  • Share this:
বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা ৷ সমষ্টিটোৰ পৰা মণ্টু বড়োক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ ৷ আজি মুছলপুৰত ইউ পি পি এল,  বিজেপি আৰু জিএছপি দলে যৌথভাৱে সংবাদমেলৰ জৰিয়তে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

সংবাদমেলত ইউ পি পি এলৰ কাৰ্যকৰী সভাপতি তথা সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজেপিৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু জিএছ পিৰ ঘনশ্যাম দাস উপস্থিত আছিল ৷ অহা ৮ জুনত অনুষ্ঠিত হ'ব বিটিচিৰ ২২নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ- নিৰ্বাচন ৷

প্ৰণিধানযোগ্য যে বিগত নিৰ্বাচনত সমষ্টিটোৰ পৰা বিটিচিৰ  মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে জিএছ পি দলৰ প্ৰাৰ্থীক হৰুৱাই বিটিচি (‍BTC) পৰিষদলৈ  নিৰ্বাচিত হৈছিল ৷ শেহতীয়াভাৱে সমষ্টিটো প্ৰমোদ বড়োৱে এৰি দিয়াত নিৰ্বাচন আয়োগে উপ-নিৰ্বাচন ঘোষণা কৰে ৷ সেই অনুসৰি অহা ৮ জুনত সমষ্টিটোত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিটিচিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইউ পি পি এল দলৰ (UPPL) মণ্টু বড়োৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷

ইফালে সংবাদমেলত ইউ পি পি এলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিটোৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্টু বড়ো বিপুল  ভোটত বিজয়ী হ'ব বুলি মত প্ৰকাশ কৰে ৷

তেওঁ কয় বিজেপি, জিএছপি আৰু ইউ পি পি দল দলৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক সমষ্টিটোৰ ভোটাৰ ৰাইজে আদৰি ল'ব ৷ আনহাতে সংবাদমেলত উপস্থিত থাকি বিধায়ক জয়ন্ত মল্ল বৰুৱাই যিহেতু বিটিচিত এখন উমৈহতীয়া পৰিষদ আছে, তেনেস্থলত ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীকে বিপুল ভোটত জয়ী কৰাব ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি