• Home
  • »
  • News
  • »
  • assam
  • »
  • Rwngwra Narzary: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব ইপিপিএলৰ ৰণগৌৰা নাৰ্জাৰী

Rwngwra Narzary: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব ইপিপিএলৰ ৰণগৌৰা নাৰ্জাৰী

অহা ৩১ মাৰ্চত অসমৰ ২ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন  অনুষ্ঠিত হ’ব।

অহা ৩১ মাৰ্চত অসমৰ ২ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

অহা ৩১ মাৰ্চত অসমৰ ২ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

  • Share this:
ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ তৰফৰ পৰা ইউপিপিএলে ৰণগৌৰা নাৰ্জাৰীৰ নাম ঘোষণা কৰিছে ৷ ৰাজ্যসভাৰ দ্বিতীয়খন আসনত ৰণগৌৰা নাৰ্জাৰীৰ জয় লাভ নিশ্চিত বুলি প্ৰকাশ কৰে ইউপিপিএলে (UPPL) ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ তৰফৰ পৰা আসনখনত জয়লাভৰ বাবে প্ৰয়োজনীয় ৰণনীতি সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়ে  নাৰ্জাৰীয়ে।

মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি নাৰ্জাৰীৰ (Rwngwra Narzary) নাম ঘোষণা কৰাৰ বাবে বিজেপি তথা মিত্ৰজোঁটক ধন্যবাদ জ্ঞাপন কৰে তেওঁ ৷ নাৰ্জাৰীয়ে আগন্তুক দিনত বিটিআৰ আৰু অসমৰ ইছ্যুসমূহক লৈ সদায় সৰৱ ভূমিকা পালন কৰিব বুলি জানিবলৈ দিয়ে ৷ ৰাজনৈতিকভাৱে সকলো সমস্যাৰে সমাধান হয় বাবে আগন্তুক দিনত সাধ্য অনুসৰি সংসদত বিষয়সমূহ উত্থাপন কৰিব বুলিও এৱছুৰ প্ৰাক্তন সভাপতি নাৰ্জাৰীয়ে মন্তব্য কৰে ৷

উল্লেখ্য, কংগ্ৰেছে বৰ্তমান কাৰ্যকাল অন্ত পৰিবলগীয়া ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে ৰাজ্যসভাৰ আন এখন আসনৰ বাবে বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। অহা ৩১ মাৰ্চত অসমৰ ২ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha Poll) অনুষ্ঠিত হ’ব।
Published by:Gautam Barman
First published: