• Home
  • »
  • News
  • »
  • assam
  • »
  • UPPL: কোকৰাঝাৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ, অংশ লৈ প্ৰমোদ বড়োৱে ক'লে- জনপ্ৰতিনিধি গ্ৰেপ্তাৰ হোৱাৰ দৰে কোনো পৰিৱেশ নিবিচাৰোঁ

UPPL: কোকৰাঝাৰত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ, অংশ লৈ প্ৰমোদ বড়োৱে ক'লে- জনপ্ৰতিনিধি গ্ৰেপ্তাৰ হোৱাৰ দৰে কোনো পৰিৱেশ নিবিচাৰোঁ

জ্যেষ্ঠ সাংবাদিকসহ ডেৰ কুৰি সদস্যৰ ইউপিপিএলত যোগদান৷

জ্যেষ্ঠ সাংবাদিকসহ ডেৰ কুৰি সদস্যৰ ইউপিপিএলত যোগদান৷

জ্যেষ্ঠ সাংবাদিকসহ ডেৰ কুৰি সদস্যৰ ইউপিপিএলত যোগদান৷

  • Share this:

আজি কোকৰাঝাৰ চহৰস্থিত যুগামী ভৱনত আনুষ্ঠানিকভাৱে ইউপিপিএল দলৰ নতুন সদস্য ভৰ্তিৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁলোকক দলৰ মজিয়ালৈ আদৰণি জনাই সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে (Pramod Boro) কয়- বড়োভূমিত এতিয়া পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈছে। ৰাইজে এতিয়া বুজি পাইছে আমাক যদি শান্তি-সম্প্ৰীতি, নিৰাপত্তা, সম অধিকাৰ, সম মৰ্যাদা লাগে, আমাৰ সৰ্বাংগীণ উন্নয়ন সাধন হ'ব লাগে, তেন্তে এই দলবোৰক আগুৱাই লৈ যাব লাগিব।


 উল্লেখযোগ্য যে গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক (Jignesh Mevani) আটক কৰাত তেওঁৰ নাম সাঙোৰ খাই পৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ আইনগতভাৱে কি হৈছে তাত তেওঁ সোমাব বিচৰা নাই বুলি স্পষ্ট কৰি দি জনপ্ৰতিনিধি গ্ৰেপ্তাৰ হোৱাৰ দৰে কোনো পৰিৱেশ নিবিচাৰে বুলি উল্লেখ কৰে। 


বড়োৱে লগতে সকলোৱে নিজ নিজ নীতি-আদৰ্শত চলি ভাৰতবৰ্ষক আজিৰ দিনত পৃথিৱীৰ ভিতৰত এখন উন্নত দেশ হিচাপে পৰিগণিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) যেনেকুৱা কাম কৰি গৈছে, সেয়া শলাগিবলগীয়া বুলি মত পোষণ কৰে।


কোকৰাঝাৰৰ জেষ্ঠ সাংবাদিক হান্তিগিৰি নাৰ্জাৰী,  সদৌ অসম নাথ যোগী সন্মিলনৰ কাৰ্যকৰী সভাপতি ভূমিধৰ নাথকে আদি কৰি  কেইবাগৰাকী অধিবক্তা, বিপিএফৰ জ্যেষ্ঠ কৰ্মী-সদস্য , অৱসৰপ্ৰাপ্ত শিক্ষক, এবছু সদস্যই আজি আনুষ্ঠানিকভাৱে ইউপিপিএল (UPPL) দলত যোগদান কৰে।


উল্লেখ্য যে কোকৰাঝাৰ জিলা ইউপিপিএল দলৰ সভাপতি তথা কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ সভাপতিত্বত আজি কোকৰাঝাৰৰ যুগামী ভৱনত অনুষ্ঠিত সভাত প্ৰায় ডেৰকুৰি সদস্যই ইউপিপিএলত যোগদান কৰে। 

Published by:Gautam Barman
First published: