বিটিচিৰ বাজেট অধিবেশনত বিপিএফ দলে বিৰোধীৰ ভূমিকাহে পালন কৰিছে।
বিটিচিৰ বাজেট অধিবেশনত বিপিএফ দলে বিৰোধীৰ ভূমিকাহে পালন কৰিছে।
"সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জয়ী হ'ব পৰা সংখ্যা নাছিল বাবেই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰে আমাৰ বিধান সভাৰ মজিয়াতহে মিত্ৰতা হৈছিল।" নিউজ ১৮ৰ সন্মুখত এই মন্তব্য কৰিলে কোকৰাঝাৰ পূব সমষ্টিৰ ইউপিপিএলৰ (UPPL) বিধায়ক লৰেন্স ইছলাৰীয়ে।
এইপৰ্যন্ত BPFৰ লগত ৰাজনৈতিক কোনো মিত্ৰতা নাই, কেৱল অসম বিধানসভাৰ মজিয়াতহে বুজাবুজি হৈছে বুলি কয় বিধায়ক লৰেন্স ইছলাৰীয়ে। মিত্ৰতাটো পৰৱৰ্তী সময়ত বিধানসভাৰ মজিয়াতে সীমাবদ্ধ থাকিব নে BPFক এনডিএত অন্তৰ্ভুক্ত কৰি ল'ব সেইটো পিছত আলোচনা হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএলৰ নেতাগৰাকীয়ে।
লৰেন্স ইছলাৰীৰ মতে বিটিচিৰ বাজেট অধিৱেশনত বিপিএফ দলে বিৰোধীৰ ভূমিকাহে পালন কৰিছে। তেওঁ লগতে কয় যে ৰাজনৈতিক মিত্ৰতা হ'লে বিধানসভাত ইউপিপিএল দলে সমষ্টি এৰি দিয়াটো সম্ভৱ নহয়। ইফালে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা সম্প্ৰসাৰণ সম্পৰ্কতো লৰেন্স ইছলাৰীয়ে কয় যে "আগতে কোৱা অনুযায়ী মন্ত্ৰীসভা সম্প্ৰসাৰণত আমি এগৰাকী মন্ত্ৰী পাম।"
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|