মহানগৰীৰ হোটেল লিলিত UPPLৰ বৈঠক। নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে দুখনকৈ বৈঠকত মিলিত হয় বিটিচি প্ৰধান প্ৰমোদ বড়ো।
প্ৰথমখন বৈঠকৰ পিছত প্ৰমোদ বড়োৱে কয় – ‘‘প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে বিটিআৰবাসীক ধন্যবাদ জনাইছো। আজি নৱনিৰ্বাচিত বিধায়কসকল শুভেচ্ছা জনোৱাৰ বাবে মিলিত হৈছিলো। মন্ত্ৰী বিচাৰিম কিন্তু এতিয়া মন্ত্ৰীৰ আসনক লৈ একো আলোচনা হোৱা নাই। বিয়লিৰ ভাগত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
তাৰ পিছতে অনুষ্ঠিত হয় দ্বিতীয়খন বৈঠক। এই বৈঠকত দলৰ জ্যেষ্ঠ নেতৃত্বও উপস্থিত থাকে। দলৰ নৱ নিৰ্বাচিত বিধায়কৰ কোনে পাব মন্ত্ৰীসভাত স্থান, তাক লৈ বৈঠকত চৰ্চা।
BTRৰ উপ–মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী বিধায়ক হিচাপে জয়ী হোৱাত খালী হ'ব উপ–মুখ্য কাৰ্যবাহী সদস্যৰ পদটো৷ সেই পদত কাক নিযুক্তি দিব সেই লৈও চৰ্চা হয় বৈঠকত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|