মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ মুখ্যমন্ত্রী ডাঙৰীয়াই প্ৰচাৰত নামি পৰিছে, কাৰণ তেওঁৰ দায়িত্ব আছে বুলি উল্লেখ কৰে নাৰ্জাৰীয়ে। তেওঁ পুনৰ কয়, আমাৰ মিত্ৰজোঁটৰ বিজেপি, অগপ আৰু ইউপিপিএল দল তিনিওটাই পৰস্পৰক সহায় কৰি আছে বাবে তামুলপুৰ, গোসাইগাঁও আৰু ভৱানীপুৰত আমি জয়ী হ'ম।
এতিয়া ৰাইজে শান্তি, প্ৰগতি আৰু উন্নতি বিচাৰিছে বুলি উল্লেখ কৰি নাৰ্জাৰীয়ে পুনৰ কয়, ৰাইজে কাৰোবাৰ অপপ্ৰচাৰত ভোল নাযায়। ৰাইজে প্ৰমোদ বড়োৰ নেতৃত্বত এটা ভাল পৰিৱেশ পাবলৈ সক্ষম হৈছে আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা ভাল পৰিৱেশ পাবলৈ সক্ষম হৈছে।
হাগ্ৰামা মহিলাৰীৰ কোনো নীতি নাই বুলি উল্লেখ কৰি নাৰ্জাৰীয়ে পুনৰ কয়, হাগ্ৰামাই আজি যদি উত্তৰে যায় কালি দক্ষিণে যাব। গতিকে নীতিহীনভাৱে তেখেতে কথাবোৰ কৈ আছে আৰু নীতিহীনভাৱে কাম কৰি আছে। গতিকে ৰাইজৰ ওচৰত তেখেতৰ কোনো গুৰুত্ব নাই।