মুখ্যপৃষ্ঠা »খবৰ »অসম »ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস, এমাহৰ ভিতৰত ১০ লাখ গছপুলি ৰোপণৰ লক্ষ্য

ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস, এমাহৰ ভিতৰত ১০ লাখ গছপুলি ৰোপণৰ লক্ষ্য

কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা চন্দ্ৰপাৰা এম ই স্কুল খেলপথাৰ চৌহদত গছপুলি ৰোপণেৰে প্ৰথম দিনৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা দলটোৰ অন্যতম সাধাৰণ সম্পাদক নিলুৎ স্বৰ্গীয়াৰীয়ে।

  • Share this:
প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে কাইলৈ সাত বছৰ পূৰ্ণ কৰিব। দেশ তথা ৰাজ্যৰ শাসনৰ দায়িত্ব পালন কৰা  ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ মিত্ৰদল তথা বিটিচিৰ  শাসন বাঘজৰী হাতত লোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএল দলে সেই মৰ্মে  দুদিনীয়া কাৰ্যসূচীৰে সপ্তম প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ৪ আৰু ৫ আগষ্টত দলটোৱে দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালনৰ সতে সংগতি ৰাখি বৃহস্পতিবাৰে বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে।

কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা চন্দ্ৰপাৰা এম ই স্কুল খেলপথাৰ চৌহদত গছপুলি ৰোপণেৰে প্ৰথম দিনৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা দলটোৰ অন্যতম সাধাৰণ সম্পাদক নিলুৎ স্বৰ্গীয়াৰীয়ে। উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় মিত্ৰদল বিজেপিৰ কোকৰাঝাৰ জিলাৰ সভাপতি ৰাজ কুমাৰ ব্ৰহ্মই৷

বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি  কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰীয়ে সাংবাদিকৰ আগত পৃথিৱীত আমি জীয়াই থাকিবলৈ হ’লে গছপুলি ৰোপণ কৰাটো কিমান প্ৰয়োজনীয় সেয়া অৱগত কৰাবলৈ আমি ইউপিপিএল দলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দহখন জিলাত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব দিয়ে। বিগত দহ বছৰৰ তুলনাত কোকৰাঝাৰ জিলাৰ তাপমাত্ৰা ১০ ডিগ্ৰী ছেলছিয়াছ  বৃদ্ধি পাইছে  ৷পৰিবেশৰ বিভিন্ন পৰিৱৰ্তন ঘটিছে৷ সেয়ে দলৰ প্ৰতিষ্ঠা দিৱসত এই গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে তেওঁ।

আনহাতে কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজ কুমাৰ ব্ৰহ্মই বিশ্বজুৰি গোলকীয় উত্তাপ বৃদ্বিয়ে মানৱ সভ্যতা তথা জীৱকুলৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি কয়৷ উল্লেখযোগ্য যে ইউপিপিএল দলে প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি পাঁচ লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ লগতে আগন্তুক এমাহৰ ভিতৰত দহলাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰকাশ।

শেহতীয়া বাতৰি