বিটিচিত এহেজাৰ কোটিটকীয়া কেলেংকাৰীত জড়িত আছে হাগ্ৰামা মহিলাৰী : প্ৰমোদ বড়ো

বিটিআৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তোলে প্ৰমোদ বড়োৱে।
বিটিআৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তোলে প্ৰমোদ বড়োৱে।
- News18 Assam
- Last Updated: November 6, 2020, 6:07 PM IST
বিটিআৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তোলে প্ৰমোদ বড়োৱে। বিটিআৰ চুক্তি বিটিচিবাসীৰ এটা মাইলৰ খুটি। ইয়াক বিপিএফে নস্যাৎ কৰাটো চূড়ান্ত দুৰ্ভাগ্যজনক বুলি কয় প্ৰমোদ বড়োৱে। বিটিআৰ চুক্তি হ’ল বিটিচিৰ শান্তি আৰু প্ৰগতিৰ চুক্তি। এই বিটিআৰ চুক্তিৰ জৰিয়তে প্ৰায় ৫০ হাজাৰ কোটিৰ আন্তঃগাঠনি প্ৰস্তুত হ’ব, সেই উন্নয়ন বিপিএফে নিবিচাৰে বুলি ক’লে প্ৰমোদ বড়োৱে।
আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে UPPL দল। দুৰ্নীতিমুক্ত বিটিআৰ নিৰ্মাণেৰে শান্তি আৰু ঐক্য প্ৰতিষ্ঠা কৰাটো হ’ল UPPLৰ লক্ষ্য। সম–অধিকাৰ আৰু সম–উন্নয়নক গুৰুত্ব দিব UPPL–এ। বিটিআৰ বাসীৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ UPPL–এ সুনিশ্চিত কৰিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।