ৰাজ্যৰ আন চাৰি সমষ্টিৰ লগতে গোসাঁইগাঁও (Gosaigaon LAC) বিধান সভা সমষ্টিতো হ'ব উপ নিৰ্বাচন (By Election)। একেবাৰে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বি পি এফ দলৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাত বিধায়ক পদটো খালী হৈ পৰে। ইতিমধ্যে BTC অঞ্চলৰ গোসাঁইগাঁও আৰু তামুলপুৰ (Tamulpur) বিধান সভা সমষ্টিৰ বাবে দেওবাৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে BTC পৰিষদীয় চৰকাৰৰ শাসকীয় দল ইউপিপিএলে। ইউপিপিএল (UPPL) দলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বাবে গোসাঁইগাঁও জিলা ইউপিপিএলৰ সভাপতি জীৰন বসুমতাৰী (Jeran Basumatary) আৰু ৫৮ নং তামুলপুৰ বিধান সভাৰ বাবে জলেন দৈমাৰী (Jolen Daimary)ৰ নাম ঘোষণা কৰে। উল্লেখ্য যে ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টিত গোসাঁইগাঁও জিলা ইউপিপিএলৰ সভাপতি জীৰন বসুমতাৰী আৰু ইউপিপিএল দলৰ যুৱ মৰ্চাৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে ইউপিপিএল দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ আছিল।
ইতিমধ্যে মিত্ৰদল বিজেপি (BJP)য়ে গোসাঁইগাঁও আৰু তামুলপুৰ UPPLক এৰি দিছে বুলি জানিব পৰা গৈছে। অৱশ্যে যিকোন মুহূৰ্ততে পট পৰিৱৰ্তন হ'ব পাৰে।
কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই জানিব দিয়া মতে, গণ সুৰক্ষা পাৰ্টীয়ে যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰে। যদি যৌথভাৱে নিৰ্বাচন সম্ভৱ নহয়, তেনেহলে গণ সুৰক্ষা পাৰ্টীয়ে গোসাঁইগাঁও আৰু তামুলপুৰত প্ৰাৰ্থীত্ব আগবঢ়োৱাটো নিশ্চিত, যদিও এতিয়ালৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।
কংগ্ৰেছ 9Congress) দলেও সমষ্টিটো নিজৰ অধীনত নিবলৈ আপ্রাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ দৌৰত আছে কোকৰাঝাৰ জিলা মহিলা কংগ্ৰেছৰ সভাপতি হেলেন মুৰ্মু, বি টি চি কংগ্ৰেছ সমন্বয়ক সমিতিৰ সদস্য তথা ধৰ্মগুৰু জুৱেল টুডু আৰু জোছেফ হাছদা (প্ৰেম)। যদি কংগ্ৰেছৰ ৰণ কৌশল সঠিকভাৱে অৱলম্বন কৰা হয়, তেনেহলে হেলেন মুৰ্মু নতুবা জুৱেল টুডুৰ বিজয়ৰ সম্ভাৱনা নথকা নহয়!
কিন্তু পোন্ধৰ বছৰকাল বি টি চি শাসন কৰা দল বিপিএফৰ এতিয়ালৈকে অকল এজন প্ৰাৰ্থীৰ নাম গুণা - বছা শুনা হৈছে।গোসাঁইগাঁও পৌৰ সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী।
ইফালে ইউ ডি এফৰ গোসাঁইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰৰ নাম একমাত্ৰ প্ৰাৰ্থী হিচাপে শুনা গৈছে যদিও দলৰ ওপৰ মহলক মেনেজ কৰি বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আনফালে বিগত কিছুদিনৰ পৰা অসমত খোপনি পাৰিবলৈ চেষ্টা কৰা তৃণমূল কংগ্ৰেছৰ তালিকাত আছে প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰী, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক বিপ্লৱ চক্ৰৱৰ্তী আৰু ৰনেন্দ্ৰ কোঁচৰ নাম উচ্চাৰণ হৈছে।
কিন্তু প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ উত্তৰসূৰী কোন হ'ব, এতিয়া সেইয়া কোটি টকীয়া প্ৰশ্ন!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|