• Home
  • »
  • News
  • »
  • assam
  • »
  • শপত গ্ৰহণৰ বাবে গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে ৰাওনা ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো

শপত গ্ৰহণৰ বাবে গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে ৰাওনা ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো

ইউপিপিএলৰ সভাপতিগৰাকীৰ উপৰি তেওঁৰ দলৰ লগতে বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচিত সদস্যও কোকৰাঝাৰ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈছে।

  • Share this:
বিটিচিৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণৰ বাবে গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে ৰাওনা হৈছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো। ইউপিপিএলৰ সভাপতিগৰাকীৰ উপৰি তেওঁৰ দলৰ লগতে বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচিত সদস্যও কোকৰাঝাৰ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈছে।

বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ছয়জন নিৰ্বাচিত সদস্যই প্ৰমোদ বড়োৰ সৈতে যোগাযোগ কৰিছে বুলি নেতাগৰাকীয়ে জানিবলৈ দিছে। প্ৰমোদ বড়োৰ সৈতে একেখন গাড়ীত কোকৰাঝাৰ অভিমুখে ৰাওনা হৈছে ইউপিপিএলৰ জ্যেষ্ঠ নিৰ্বাচিত সদস্য গোবিন্দ বসুমতাৰী।

উল্লেখযোগ্য যে কোকৰাঝাৰ যোৱাৰ পূৰ্বে পুৱাৰ ভাগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী পীযূষ হাজৰিকা আৰু গোবিন্দ বসুমতাৰীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই মুহূৰ্তত প্ৰমোদ বড়োৱে সকলোৰে পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছে।
Published by:Sanjay Kumar Das
First published: