• Home
  • »
  • News
  • »
  • assam
  • »
  • চিৰাঙত প্ৰমোদ বড়োক উষ্ম আদৰণি, বিপিএফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

চিৰাঙত প্ৰমোদ বড়োক উষ্ম আদৰণি, বিপিএফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কাজলগাঁওস্থিত চিৰাং জিলা এবছু কাৰ্যালয়ত বিভিন্ন দল-সংগঠনে গামোচা, আৰেনায় আদিৰে প্ৰমোদ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে৷

কাজলগাঁওস্থিত চিৰাং জিলা এবছু কাৰ্যালয়ত বিভিন্ন দল-সংগঠনে গামোচা, আৰেনায় আদিৰে প্ৰমোদ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে৷

কাজলগাঁওস্থিত চিৰাং জিলা এবছু কাৰ্যালয়ত বিভিন্ন দল-সংগঠনে গামোচা, আৰেনায় আদিৰে প্ৰমোদ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে৷

  • Share this:
আগন্তুক দিনত ইউপিপিএল, বিজেপি, জিএছপি মিত্ৰজোঁটৰ চৰকাৰখনক সহযোগিতাৰ আহ্বান প্ৰমোদ বড়োৰ৷ শপত গ্ৰহণৰ প্ৰাকক্ষণত চিৰাঙত উপস্থিত হয় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো৷ চিৰাঙত উষ্ম আদৰণি ইউপিপিএল নেতা প্ৰমোদ বড়োক৷ শপত গ্ৰহণৰ প্ৰাকক্ষণত গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে যাত্ৰাৰ সময়তে চিৰাং জিলাৰ বিভিন্ন স্থানত প্ৰমোদ বড়োক হাজাৰ হাজাৰ লোকে আদৰণি জনোৱা পৰিলক্ষিত হয়৷ দলীয় কৰ্মী–সমৰ্থকসকলে নাচি–বাগি, ফটকা ফুটাই নেতাগৰাকীক স্বাগতম জনায়৷

কাজলগাঁওস্থিত চিৰাং জিলা এবছু কাৰ্যালয়ত বিভিন্ন দল-সংগঠনে গামোচা, আৰনায় আদিৰে প্ৰমোদ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সংবাদ মাধ্যমৰ আগত ইউপিপিএল , বিজেপি আৰু জিএছপি সন্মিলিত মিত্ৰজোঁটৰ নেতা প্ৰমোদ বড়োৱে কয় যে পৰিবৰ্তনৰ স্বাৰ্থত বিটিচি ৰাইজে ভোটদান কৰাৰ ফলত তিনিটা দলৰ তৰফৰ পৰা চৰকাৰ গঠন নিশ্চিত হৈছে৷ ভূমিৰ অধিকাৰ, শিক্ষা আদি উন্নয়নৰ বাবে আগন্তুক দিনত চৰকাৰখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

ইফালে, ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থীসকলক প্ৰলোভিত কৰাৰ বাবে বিপিএফৰ তৰফৰ পৰা অহৰহ চেষ্টা চলোৱাৰ অভিযোগ কৰি প্ৰমোদ বড়োৱে আগন্তুক দিনত হাগ্ৰামা মহিলাৰীক মিত্ৰজোঁটৰ চৰকাৰখনক সহযোগ কৰাৰ বাবে আহ্বান জনায়৷ ইতিমধ্যে বিপিএফৰ বহু কেইগৰাকী বিজয়ী প্ৰাৰ্থীয়ে ইউপিপিএলত যোগদানৰ বাবে অহৰহ যোগাযোগ চলাই আছে যদিও এইসকলক দলত যোগদানৰ অনুমতি প্ৰদান কৰা হ’ব নে নাই সেই বিষয়ে বৰ্তমান বিবেচনা অব্যাহত ৰখা বুলি বড়োৱে জানিবলৈ দিয়ে৷
Published by:Sanjay Kumar Das
First published: