Lok Sabha Election Result 2019 LIVE : অথলে যাব নেকি হাগ্ৰামাৰ দম্ভালি, পিছ পৰি আছে প্ৰমীলা

কোকৰাঝাৰত বৰ্তমানলৈ অগ্ৰগতি লাভ কৰি আছে UPPLৰ ইউ জি ব্ৰহ্মই।

news18assam
Updated:May 23, 2019, 12:10 PM IST
Lok Sabha Election Result 2019 LIVE : অথলে যাব নেকি হাগ্ৰামাৰ দম্ভালি, পিছ পৰি আছে প্ৰমীলা
কোকৰাঝাৰত বৰ্তমানলৈ অগ্ৰগতি লাভ কৰি আছে UPPLৰ ইউ জি ব্ৰহ্মই।
news18assam
Updated: May 23, 2019, 12:10 PM IST
কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। সমষ্টিটোত চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে এইবাৰৰ নিৰ্বাচনত। বিজেপিৰ মিত্ৰদল বিপিএফৰ প্ৰমীলাৰাণী ব্ৰহ্ম, কংগ্ৰেছৰ শব্দ ৰাভা, UPPLৰ উৰ্খাও গৌৰা ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মাজত হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

আমালৈ অহা খবৰ অনুসৰি, কোকৰাঝাৰত বৰ্তমানলৈ অগ্ৰগতি লাভ কৰি আছে UPPLৰ ইউ জি ব্ৰহ্মই। গোসাইগাঁৱত চতুৰ্থ ৰাউণ্ড আৰু ২৯নং পশ্চিম কোকৰাঝাৰ সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত ইউ জি ব্ৰহ্মই ১৮,৩০৪টা ভোট লাভ কৰাৰ বিপৰীতে নৱ কুমাৰ শৰণীয়াই লাভ কৰিছে ১৫,১০৪টা ভোট। ইফালে প্ৰমীলা ৰাণী ব্ৰহ্মই ১২,০৯৭টা ভোট লাভ কৰে৷
আৰু চাওক পৰৱৰ্তী বাতৰি