• Home
  • »
  • News
  • »
  • assam
  • »
  • বিটিচিত এইবাৰ ৩০খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব ইউপিপিএলে – দাবী প্ৰমোদ বড়োৰ

বিটিচিত এইবাৰ ৩০খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব ইউপিপিএলে – দাবী প্ৰমোদ বড়োৰ

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত সীমাহীন দুৰ্নীতি-কেলেংকাৰীৰ বাবে এইবাৰ পতন নিশ্চিত বুলি বড়োৱে দাবী কৰে৷

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত সীমাহীন দুৰ্নীতি-কেলেংকাৰীৰ বাবে এইবাৰ পতন নিশ্চিত বুলি বড়োৱে দাবী কৰে৷

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত সীমাহীন দুৰ্নীতি-কেলেংকাৰীৰ বাবে এইবাৰ পতন নিশ্চিত বুলি বড়োৱে দাবী কৰে৷

  • Share this:
চিৰাঙৰ কাজলগাঁৱত ইউপিপিএলৰ বিশাল বাইক ৰেলী৷ আগন্তুক নিৰ্বাচনত ত্ৰিশখনতকৈ অধিক আসন লাভ কৰি বিটিচি দখল কৰিব ইউপিপিএলে। চিৰাঙৰ কাজলগাঁৱত বাইকৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে৷

কাজলগাঁও সমষ্টিৰ পৰা বাইক ৰেলী শুভাৰম্ভ কৰি নিচিমা, চিৰাং, চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি পৰিভ্ৰমণ কৰে৷ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা বাইক ৰেলীৰ জৰিয়তে পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএলক ভোটদানৰ আহ্বান জনায়৷

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ দি প্ৰমোদ বড়োৱে কয় যে ট্ৰেক্টৰৰ বাবে এইবাৰ বিটিচিত খেতি ভাল হৈছে৷ প্ৰায় সাত মাহ হোৱা ট্ৰেক্টৰৰ নষ্ট হোৱাৰো কোনো সম্ভাৱনা নাই৷ এনেক্ষেত্ৰত ইউপিপিএলক ৰাইজে আদৰি ল’ব আৰু আগন্তুক দিনত ইউপিপিএলৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে বুলি কয় প্ৰমোদ বড়োৱে৷

আনহাতে, হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত সীমাহীন দুৰ্নীতি-কেলেংকাৰীৰ বাবে এইবাৰ পতন নিশ্চিত বুলি বড়োৱে দাবী কৰে৷ ইফালে ইউপিপিএল নেতা ৰৌণগৌৰা নিৰ্জাৰী আৰু প্ৰাক্তন এনডিএফবি(এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা ওৰফে ৰণজিত বসুমতাৰীয়ে আগন্তুক নিৰ্বাচনত জয় নিশ্চিত বুলি দাবী কৰি ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব বুলি মন্তব্য কৰে৷
Published by:Sanjay Kumar Das
First published: