কেইবাদিন ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ আছে নেৰানেপেৰা বৰষুণ ৷ আগন্তুক ২০ জুনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে জিলা প্ৰশাসনে ৷
ৰাজ্যত হৈ থকা মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সৰ্বত্ৰে জটিল ৰূপ ধাৰণ কৰিছে বানে । আন আন প্ৰান্তৰ লগতে হোজাই জিলাৰ যমুনামুখ, যোগীযান আদি অঞ্চল সমূহতো বৃদ্ধি পাইছে বানৰ প্ৰকোপ ৷ ইতিমধ্যে বানে ক্ষতিগ্ৰস্ত কৰিছে যমুনামুখৰ ৰে'ল লাইন ৷
যাৰ বাবে উজনিমুৱা বি জি এক্সপ্ৰেছ ৰে'লৰ যাতায়াত বাতিল কৰিছে ৰেল বিভাগে । জাগীৰোড ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পিছতে বাতিল কৰা হৈছে ৰে'লখন ৷ ইফালে ৰেলখনত অহা যাত্ৰী সকল আবদ্ধ হৈ পৰিছে জাগীৰোড ৰে'ল ষ্টেচনত ৷ উজনিমুৱা বি জি এক্মপ্ৰেছ ৰে'লখন বাতিল কৰাত যাত্ৰী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|