অসমৰ বিভিন্ন প্ৰান্তৰ বিহু সন্মিলনত সৃষ্টি হোৱা অপ্ৰিতীকৰ পৰিস্থিতিকলৈ দুখ প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই । দেওবাৰে শিৱসাগৰত " হোটেল কলিতা প্লেচ" নামৰ এখন হোটেল উদ্বোধনী অনুষ্ঠানত এই খেদ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। লগতে বিহুৰ অনুষ্ঠানত শান্তি শৃংখলা বজাই ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় বৰষাই।
অভিনেত্ৰীগৰাকীয়ে কয় যে, 'বিহু আমাৰ জাতীয় উৎসৱ। ৰঙালী বিহু আমাৰ জাতীয় পৰিচয়। বিহুৰ মঞ্চত মাৰপিট হোৱা, অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাতো বৰ দুখৰ খবৰ। অসমীয়া হিচাপে আমি লজ্জিত হও।'
উল্লেখ্য যে, শেহতীয়াকৈ বিহু অনুষ্ঠানত বহুৱালীৰ সীমা চেৰাইছে একাংশ উদণ্ড যুৱকৰ। বোকাত পৰি পৰি নৃত্য কৰা, অশ্লীল কথা বতৰা, জুইৰ মাজত সোমাই নৃত্য কৰা আদি আচৰণে অস্বস্তিত পেলাইছে সকলোকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|