মুখ্যপৃষ্ঠা »খবৰ »অসম »মৰিগাওঁ জিলা দিৱসত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি; সংবাদকৰ্মীকো আক্ৰমণ একাংশ দৰ্শকৰ

মৰিগাওঁ জিলা দিৱসত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি; সংবাদকৰ্মীকো আক্ৰমণ একাংশ দৰ্শকৰ

নিশা অনুষ্ঠানত সৃষ্টি হোৱা সেই উত্তপ্ত পৰিস্থিতিত একাংশ দৰ্শকে সংবাদকৰ্মীলৈকো শিল, বটল, জোতা-চেণ্ডেল, ভঙা চকী আদি নিক্ষেপ কৰি আক্ৰমণ কৰে।

  • Share this:
মৰিগাওঁ জিলা দিৱস উপলক্ষে কালি আয়োজন কৰা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মূখ্য আকৰ্ষণৰূপে উপস্থিত আছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিন্তু নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতেই একাংশ দৰ্শকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে, উদণ্ড দৰ্শকে ভাঙি পেলালে পেণ্ডেলৰ বহু চকী-মেজ। নিশা অনুষ্ঠানত সৃষ্টি হোৱা সেই উত্তপ্ত পৰিস্থিতিত একাংশ দৰ্শকে সংবাদকৰ্মীলৈকো শিল, বটল, জোতা-চেণ্ডেল, ভঙা চকী আদি নিক্ষেপ কৰি আক্ৰমণ কৰে।

ঘটনাক কেন্দ্ৰ কৰি মৰিগাওঁ আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক আটক কৰে। উদণ্ড দৰ্শকৰ আক্ৰমণত কেইবাগৰাকীও সংবাদকৰ্মী তথা মহিলা আঘাতপ্ৰাপ্ত হয়।

শান্তি-শৃংখলাৰ মাজেৰে অনুষ্ঠিত হোৱা মৰিগাওঁ দিৱসৰ অন্তিম দিনা সংঘটিত হোৱা এনে অপ্ৰীতিকৰ ঘটনাক গৰিহণা দিছে সচেতন মহলে। উদণ্ড দৰ্শকৰ এনে কাণ্ডই ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিগাওঁ জিলাত।

শেহতীয়া বাতৰি