• Home
  • »
  • News
  • »
  • assam
  • »
  • 'শিল মাৰি, উত্‍পাত, উদ্ভণ্ডালি নকৰিব'- লখিমপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত অঘটন, সংঘটিত হ'ল মাৰপিটৰ ঘটনা!

'শিল মাৰি, উত্‍পাত, উদ্ভণ্ডালি নকৰিব'- লখিমপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত অঘটন, সংঘটিত হ'ল মাৰপিটৰ ঘটনা!

মই কথা এবাৰেই কও, চিধা কওঃ জুবিন গাৰ্গ

মই কথা এবাৰেই কও, চিধা কওঃ জুবিন গাৰ্গ

মই কথা এবাৰেই কও, চিধা কওঃ জুবিন গাৰ্গ

  • Share this:
শুকুৰবাৰে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উত্সৱৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ। কিন্তু গীত পৰিবেশন কৰি থকাৰ মাজতে হঠাত্‍ লাগিল অথন্তৰ।

আনকি জুবিন গাৰ্গে অনুষ্ঠান আধাতে সমাপ্ত কৰি দিয়াৰো ধমক দিয়ে। ঘটনা অনুসৰি, অনুষ্ঠান চলি থকাৰ মাজতে জুবিন গাৰ্গৰ মিউজিক এৰেঞ্জমেণ্ট কৰা টিমলৈ লক্ষ্য কৰি কোনো দুৰ্বত্তই শিলগুটি নিক্ষেপ কৰে। বাৰে বাৰে এনে কাৰ্য কৰা দেখি মঞ্চৰ পৰাই জুবিন গাৰ্গে সাৱধানবাণী শুনায়।

জুবিন গাৰ্গে কয় যে, 'এনেকৈ শিল মাৰি, উত্পাত, উদ্ভণ্ডালি নকৰিব। বেছি উত্‍পাত কৰিলে মই গান নাগাও। মই কথা এবাৰেই কও, চিধা কও। বিহু উপভোগ কৰক। গীত শুনিবলৈ আহিছে, গীত শুনক। এনে কাম নকৰিব।'

ইফালে অনুষ্ঠান চলি থকাৰ সয়তে মাৰপিটৰ ঘটনাও সংঘটিত হয়। সংগীতানুষ্ঠান চলি থকাৰ মাজতে একাংশই উদ্ভণ্ডালি কৰে। পিছত উদ্যোক্তা আৰু আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
Published by:Himangshu Bhuyan
First published: