• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাট নগৰত নগ্ন-অৰ্ধনগ্ন সাধুবাবাক লৈ উত্তপ্ত পৰিস্থিতি

যোৰহাট নগৰত নগ্ন-অৰ্ধনগ্ন সাধুবাবাক লৈ উত্তপ্ত পৰিস্থিতি

এই দলটো নগৰৰ জনবহুল বৰুৱা চাৰিআলিত নগ্ন আৰু অৰ্ধনগ্ন অৱস্থাত ৰাজপথলৈ নামি অহাত বাটৰুৱাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

  • Share this:
যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত বৃহস্পতিবাৰে দুপৰীয়া কেইগৰাকীমান নগ্ন আৰু অৰ্ধনগ্ন সাধুবাবাক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উত্তৰ প্ৰদেশৰ পৰা পৰশুৰাম কুণ্ডলৈ দুখন গাড়ীত অহা সাধুবাবাৰ দলটোৰ বেশভূশা আছিল কিছু পৃথক। তেওঁলোকৰ এজন নগ্ন অৱস্থাত থকাৰ লগতে বাকী কেইবাগৰাকী সাধুবাবাৰ শৰীৰ ভস্মৰে ধাকি ৰখাৰ লগতে শৰীৰত আছিল নামমাত্ৰ কাপোৰ। এই দলটো নগৰৰ জনবহুল বৰুৱা চাৰিআলিত নগ্ন আৰু অৰ্ধনগ্ন অৱস্থাত ৰাজপথলৈ নামি অহাত বাটৰুৱাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নগ্ন অৱস্থাত ৰাজপথলৈ ওলাই অহা এনে ব্যক্তিক দেখি বহু লোকে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

আনহাতে, একাংশ লোকে এই দলটো সোপাধৰা বুলি সন্দেহ ব্যক্ত কৰাত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰে। অৱশ্যে তাৎক্ষণিকভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাধুবাবাৰ দলটোক থানালৈ লৈ যোৱাত পৰিস্থিতি শাম কাটে আৰু এক অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা পৰে সাধুবাবাৰ দলটো।
Published by:Sanjay Kumar Das
First published: