বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / বৰপেটাৰোডৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত চলে কি? ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে ধাবা

বৰপেটাৰোডৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত চলে কি? ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে ধাবা

বৰপেটাৰোডৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত চলে কি? ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে ধাবা

বৰপেটাৰোড আৰক্ষীয়ে যুৱতীদ্বয়ক থানালৈ লৈ আনে৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বসতি আছে যদিও দীৰ্ঘদিনৰে পৰাই উক্ত ধাবাসমূহত অনৈতিক কাৰ্যৰ চলাই অহাৰ অভিযোগ উঠিছিল৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বৰপেটাৰোডৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে গঢ়ি উঠিছে নাৰীদেহ ব্যৱসায়ৰ ঘাটি। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে হোটেল, ৰেষ্টুৰেণ্ট, ধাবাত দিনে–নিশাই অনৈতিক কাম–কাজৰ লগতে নাৰী দেহ ব্যৱসায় চলাৰ অভিযোগ। স্থানীয় ৰাইজে অতিষ্ঠ হৈ এখন ধাবাত কেইবাজনো যুৱকসহ দুগৰাকী যুৱতীক হাতে–লোটে ধৰা পেলায়।

বৰপেটাৰোডৰ কলহভাঙ্গাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলি থকা দেহ ব্যৱসায়ৰ এটা ঘাটি দেওবাৰে উচ্ছেদ কৰে স্থানীয় ৰাইজে৷ দীৰ্ঘদিনৰে পৰা উক্ত ধাবাখনত অনৈতিক কাৰ্য চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ স্থানীয় ৰাইজে উক্ত ধাবাত অভিযান চলোৱাৰ সময়ত দুগৰাকী যুৱতীসহ কেবাজন যুৱক আছিল৷ যুৱককেইজনে দৌৰি পলায়ন কৰিবলৈ সক্ষম হয়৷ দুগৰাকী যুৱতীক ৰাইজে হাতে–লোটে ধৰি আৰক্ষীক খবৰ দিয়ে।

বিজ্ঞাপন

বৰপেটাৰোড আৰক্ষীয়ে যুৱতীদ্বয়ক থানালৈ লৈ আনে৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বসতি আছে যদিও দীৰ্ঘদিনৰে পৰাই উক্ত ধাবাসমূহত অনৈতিক কাৰ্যৰ চলাই অহাৰ অভিযোগ উঠিছিল৷ বৰপেটাৰোড আৰক্ষীক পূৰ্বৰে পৰাই বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে উক্ত নাৰী দেহ ব্যৱসায়ীৰ বিৰুদ্ধে কোনোধৰণৰ পদক্ষেপ লোৱা নাছিল৷ সেয়ে স্থানীয় ৰাইজে ক্ষোভিত হৈ দেওবাৰে উক্ত ধাবাখনত অভিযান চলাই দুগৰাকী যুৱতী কৰায়ত্ত কৰাৰ লগতে ধাবাখন ভাঙি লণ্ডভণ্ড কৰে৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন