কেনে হ’ব যোৰহাটত আনলক প্ৰক্ৰিয়া : ২২ জুলাইৰ পৰা বন্ধ হৈ পৰিব JMCHৰ বহিঃবিভাগৰ চিকিৎসা সেৱা

News18 Assam | News18-Assam
Updated:July 21, 2020, 11:17 PM IST
কেনে হ’ব যোৰহাটত আনলক প্ৰক্ৰিয়া : ২২ জুলাইৰ পৰা বন্ধ হৈ পৰিব JMCHৰ বহিঃবিভাগৰ চিকিৎসা সেৱা
ফটো সৌজন্যঃইণ্টাৰনেট

শেহতীয়াকৈ আন এক ঘটনাই চিন্তাত পেলাইছে বহুজনক। যোৰহাটৰ চৰকাৰী চিকিৎসালয়সমূহ ভৰ্তি হৈ পৰিছে কোভিড–১৯ত আক্ৰান্ত লোকেৰে।

  • Share this:
বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব UNLOCK। গুৱাহাটীৰ দৰে যোৰহাটতো বজাৰৰ এফালে থকা দোকানসমূহ প্ৰথম দিনা আৰু বিপৰীত দিশৰ দোকান–পোহাৰসমূহ পিছৰ দিনা খুলিব পাৰিব। এই সময়ছোৱাত ব্যক্তিগত যান-বাহনৰ চলাচল বন্ধ থাকিব। মাস্ক পিন্ধাটো বাধ্যতামূলক হ’ব। এই কথা জানিবলৈ দিছে যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে।

শেহতীয়াকৈ আন এক ঘটনাই চিন্তাত পেলাইছে বহুজনক। যোৰহাটৰ চৰকাৰী চিকিৎসালয়সমূহ ভৰ্তি হৈ পৰিছে কোভিড–১৯ত আক্ৰান্ত লোকেৰে। সংক্ৰমণৰ বলি হৈছে একাধিক চিকিৎসক আৰু চিকিৎসা কৰ্মী। বৰ্তমান প্ৰশ্ন উঠিছে যে অন্য ৰোগত আক্ৰান্ত লোকসকল চিকিৎসাৰ বাবে ক’লৈ যাব? কাৰণ যোৰহাটত নিতৌ বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা।

২১ জুলাইৰ সন্ধিয়া পৰ্যন্ত জিলাখনত ১০৬৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ৩৫৫জন লোক সুস্থ হৈ ঘৰলৈ ওভতাৰ পিছত বৰ্তমান জিলাখনত সক্ৰিয় কোভিডত আক্ৰান্ত লোক আছে ৭০১জন। যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ লগতে নবৰাচুক মডেল হাস্পতাল, চুঙী কঁহাৰ গাঁও হাস্পতাল, ভগামুখ হাস্পতাল আৰু নকছাৰী হাস্পতালৰো বিছনাসমূহ ভৰ্তি হৈ পৰিছে কোভিড ৰোগীৰে।

শেহতীয়াকৈ যোৰহাটৰ এন আই ডি আৰু তিতাবৰৰ চিভিল হাস্পতালখন ৰূপান্তৰিত কৰা হৈছে কোভিড হাস্পতাললৈ। আনহাতে যোৰহাটৰ জে ডি এছ এ খেল পথাৰত ৩০০খন বিছনাযুক্ত অস্থায়ী কোভিড হাস্পতালৰ কাম আৰম্ভ কৰা হৈছে আৰু প্ৰায় ১০-১৫ দিনৰ ভিতৰত চিকিৎসালয়খন নিৰ্মাণ হৈ উঠাৰ সম্ভাৱনা আছে। যোৰহাটত লক্ষণহীন ৰোগীক হোম আইছ'লেচনত থাকিবলৈ দিয়া হৈছে। স্বাস্থ্য বিভাগৰ সকলো নীতি–নিৰ্দেশনা মানি যোৰহাটৰ বৰ্তমান ৮জন লোক হোম আইছ'লেচনত আছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰু ২০০খন বিছনা সংযোগ কৰিবলৈ লোৱা হৈছে।
কিন্তু যোৰহাটত অন্য ৰোগত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে শেহতীয়াকৈ সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যা সমাধানৰ বাবে যোৰহাটৰ ১৩খন ব্যক্তিগত চিকিৎসালয়ৰ সৈতে এখন এম অ' ইউ কৰা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।

"আমি এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছো। সেইবাবে যোৰহাটৰ ১৩খন ব্যক্তিগত চিকিৎসালয়ৰ সৈতে এখন এম অ ইউ কৰা হৈছে। জেএমচিৰ পৰা ৰেফাৰ কৰা অন্য ৰোগত আক্ৰান্ত লোকসকলক এইসমূহ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হ’ব। কোনখন চিকিৎসালয়ত কেনে চিকিৎসা প্ৰদান কৰা হ’ব সেই বিষয়েও এই চিকিৎসালয়সমূহৰ সৈতে কথা পতা হৈছে।", যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয়।

আনহাতে JMCHৰ অ’ পি ডি সেৱা ২২ জুলাইৰ পৰা বন্ধ থাকিব। কোভিড–১৯ ৰোগীৰ চিকিৎসাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। আপাতকালীন সেৱা অ’পিডি বিল্ডিঙৰ প্ৰথম মহলালৈ অস্থায়ীভাৱে নিয়া হৈছে। বৰ্তমান JMCHত ২১৭জন কোভিড–১৯ ৰোগী ভৰ্তি হৈ আছে। নতুনকৈ ২১০খন বিচনাৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে জানিবলৈ দিয়ে JMCHৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই।
Published by: Sanjay Kumar Das
First published: July 21, 2020, 11:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি