• Home
  • »
  • News
  • »
  • assam
  • »
  • UPPLৰ সভাপতি প্ৰমোদ বড়োক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ, কথমপি প্ৰাণৰক্ষা 

UPPLৰ সভাপতি প্ৰমোদ বড়োক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ, কথমপি প্ৰাণৰক্ষা 

প্ৰাক নিৰ্বাচনী হিংসাত জৰ্জৰিত কোকোৰাঝাৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে সংঘটিত হয় UPPLৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত আক্ৰমণ ৷

প্ৰাক নিৰ্বাচনী হিংসাত জৰ্জৰিত কোকোৰাঝাৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে সংঘটিত হয় UPPLৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত আক্ৰমণ ৷

প্ৰাক নিৰ্বাচনী হিংসাত জৰ্জৰিত কোকোৰাঝাৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে সংঘটিত হয় UPPLৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত আক্ৰমণ ৷

  • Share this:
প্ৰাক নিৰ্বাচনী হিংসাত জৰ্জৰিত কোকোৰাঝাৰ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে সংঘটিত হয় UPPLৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত আক্ৰমণ ৷ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত কথমপি ৰক্ষা পৰে প্ৰমোদ বড়ো আৰু UPPLৰ প্ৰাৰ্থী প্ৰতীভা ব্ৰহ্ম।

UPPLৰ সভাপতি প্ৰমোদ বড়ো আৰু UPPLৰ বাউখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰতীভা ব্ৰহ্মৰ গাড়ীত ডাঙৰ ডাঙৰ শিল আৰু কাঠৰ কুণ্ডাৰে আক্ৰমণ কৰে ৷ আক্ৰমণটো সংঘটিত হয় কোকৰাঝাৰৰ টাউনৰ পৰা ২০ কিলোমিটাৰ দূৰত্বৰ নাইগ্ৰাউত ৷

আক্ৰমণৰ ঘটনাৰ পিছতে UPPLৰ প্ৰতিষ্ঠাপক সভাপতি ইউ জি ব্ৰহ্ম কোকৰাঝাৰ থানাত উপস্থিত হয় ৷ ঘটনাক গৰিহণা আৰু আক্ৰমণকাৰীক কৰায়ত্ত কৰাৰ দাবী জনাই ব্ৰহ্মই ক'লে- ‘আজি ৰাতিটো অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ৷ সেনা CRPএ পহৰা দিয়ক গাঁৱবোৰ ৷ খবৰ মতে BPFএ দুষ্কাৰ্য কৰিবলৈ বাহিৰৰ পৰা ভাড়াতীয়া গুণ্ডা আনিছে ৷”

ইপিনে কোকৰাঝাৰ থানাত আইন শৃংখলাৰ ADGP জি পি সিং উপস্থিত হৈ ঘটনাৰ বুজ লয়। ADGP সিঙে ক'লে- “ঘটনাত জড়িতসকলক কৰায়ত্ত কৰা হ'ব ৷ ঘটনাস্থলীলৈ IGP(BTAD) ৰাওনা হৈছে ৷ ময়ো যাম ৷ সকলো দলৰ নেতাক মডেল ক'ড অৱ কণ্ডাক্ট মানিবলৈ আহ্বান জনালো ৷ কোনো যাতে প্ৰচাৰৰ বাবে নোলায় ৷ আমি আক্ৰমণকাৰীক কৰায়ত্ত কৰিম ৷ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ব ৷”

অচিনাক্ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণৰ সন্দৰ্ভত UPPLৰ সভাপতি প্ৰমোদ বড়োয়ে ক'লে- ‘২৪ঘন্টাৰ ভিতৰত আক্ৰমণকাৰীক ৰাজ্যৰ গৃহ বিভাগে কৰায়ত্ত কৰক ৷ নহ'লে মই কোকৰাঝাৰতে অনশনত বহিম ৷ ৰাইজক আহ্বান জনাইছো, ওলাই আহক আৰু ভোট দিয়ক ৷ হত্যা হিংসা কৰাসকলে যাতে BTRত আৰু হিংসা কৰিব নোৱাৰে ৷’

ABSUৰ প্ৰাক্তন সভাপতি, BTR চুক্তিৰ স্বাক্ষৰকাৰী তথা UPPLৰ সভাপতি প্ৰমোদ বড়োৰ গাড়ীত এম্বুছৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ABSUৰ সভাপতিৰ দীপেন বড়োৱে ৷ বড়োয়ে ক'লে-  ‘ৰাজ্য চৰকাৰক ১২ ঘণ্টাৰ সময় বান্ধি দিছো ৷ ১২ ঘণ্টাৰ ভিতৰত এম্বুছকাৰীক কৰায়ত্ত কৰক, নহ'লে অনশনত বহিবলৈ আমি বাধ্য হম ৷ ৰাজ্য চৰকাৰ আৰু আৰক্ষীৰ ওপৰত আমাৰ আস্থা আছে। কিন্তু এম্বুছকাৰীক কৰায়ত্ত কৰি দেখাওক চৰকাৰে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সুৰুঙা ৰৈ গৈছে। যাৰ বাবে এই ঘটনাটো হ'বলৈ পালে ৷ ABSUএ ৰাইজক দল-বলে ওলাই আহি অপশাসন চলা, BTRত গুণ্ডাৰাজ অৱসান ঘটাবলৈ ভোট দিবলৈ আহ্বান জনাইছো ৷ কাইলৈ অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাতিৰ ভিতৰতে অধিক সেনা-আৰক্ষী-CRPF কোকোৰাঝাৰ আৰু চিৰাঙত মোতায়েন কৰিবলৈও আমি  দাবী জনাইছো ৷’
Published by:Himangshu Bhuyan
First published: