মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : বটদ্ৰৱা থানলৈ অজ্ঞাত ভক্তই আগবঢ়ালে ৪০ তোলা সোণ, প্ৰকাশ নকৰিলে নিজৰ নামো

Nagaon News : বটদ্ৰৱা থানলৈ অজ্ঞাত ভক্তই আগবঢ়ালে ৪০ তোলা সোণ, প্ৰকাশ নকৰিলে নিজৰ নামো

লোকজনে পৰিচালনা সমিতিৰ সভাপতি–সম্পাদকক উদ্দেশ্যি এখন কাগজত লিখিছে যে তেওঁ দানসূত্ৰে আগবঢ়োৱা সোণখিনি মূল আসনৰ চাৰিটা খুটাত ১০ তোলাকৈ লগালে তেওঁ পৰম আনন্দ পাব।

  • Share this:
বটদ্ৰৱা থানলৈ কোনো অজ্ঞাত ভক্তই আগবঢ়ালে ৪০ তোলা সোণ। সোমবাৰৰ পৰা আৰম্ভ হোৱা বটদ্ৰৱা থানৰ প্ৰণামী বাকচৰ ধন গণনা চলি থকাৰ মাজতে আজি দ্বিতীয় দিনা উদ্ধাৰ হয় সোণখিনি। ধন গণনাৰ সময়ত পৰিচালনা সমিতিৰ সদস্য আৰু ভকত–বৈষ্ণৱসকলে বাকচৰ ধনৰ লগতে এটা মানিবেগৰ ভিতৰত ৪০ তোলা সোণ উদ্ধাৰ কৰে।

লোকজনে পৰিচালনা সমিতিৰ সভাপতি–সম্পাদকক উদ্দেশ্যি এখন কাগজত লিখিছে যে তেওঁ দানসূত্ৰে আগবঢ়োৱা সোণখিনি মূল আসনৰ চাৰিটা খুটাত ১০ তোলাকৈ লগালে তেওঁ পৰম আনন্দ পাব।

এই ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰায় ২০ লাখ টকা মূল্যৰ সোণখিনি কোনে আগবঢ়াইছে সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই। এইদৰে ৪০ তোলা সোণ দান কৰি নিজৰ নাম প্ৰকাশ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰা কাৰ্যই আচৰিত কৰিছে সকলোকে। এয়া ভক্তৰ মহানুভৱতাৰ বহিঃপ্ৰকাশ বুলি মন্তব্য কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। বটদ্ৰৱা থানলৈ আগবঢ়োৱা এই মহান অৱদানৰ বাবে ভকত বৈষ্ণৱসকলে মহানুভৱ ভক্তজনৰ মংগল কামনা কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে।

শেহতীয়া বাতৰি