• Home
  • »
  • News
  • »
  • assam
  • »
  • Nazira : নাজিৰাৰ শিমলুগুৰিত দিখৌ নৈৰ পানীযুৱলিত অচিনাক্ত মৃতদেহ

Nazira : নাজিৰাৰ শিমলুগুৰিত দিখৌ নৈৰ পানীযুৱলিত অচিনাক্ত মৃতদেহ

 বিহুবৰ দিশৰ পৰা দিখৌ নৈত উটি আহিছিল অচিনাক্ত মৃতদেহটো

 বিহুবৰ দিশৰ পৰা দিখৌ নৈত উটি আহিছিল অচিনাক্ত মৃতদেহটো

 বিহুবৰ দিশৰ পৰা দিখৌ নৈত উটি আহিছিল অচিনাক্ত মৃতদেহটো

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰি লুঠুৰী গাঁৱৰ দিখৌ নৈৰ পানীযুৱলিত আজি উদ্ধাৰ হয় এটি অচিনাক্ত মৃতদেহ৷ বিহুবৰ দিশৰ পৰা দিখৌ নৈত উটি আহিছিল অচিনাক্ত মৃতদেহটো (Unidentified body recovered at Nazira)। 

শিমলুগুৰি লুঠুৰী গাঁৱৰ স্থানীয় ৰাইজে অচিনাক্ত মৃতদেহটো দিখৌ নৈৰে উটি অহা প্ৰত্যক্ষ কৰি শিমলুগুৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নদীৰ পাৰলৈ তুলি আনে যদিও বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।

এটা ক'লা হাফ পেণ্ট আৰু ক'লা টি ছাৰ্ট পৰিহিত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷
Published by:Gautam Barman
First published: