CAAবাতিলৰ দাবীৰে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে

News18 Assam | News18-Assam
Updated:January 22, 2020, 2:07 PM IST
CAAবাতিলৰ দাবীৰে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে
Source-Google

আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ। ৰাজ্যৰ ছাত্ৰ সমাজ প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে আন্দোলনত। কোনো কাৰণতে অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ বুলি দাবী কৰা আইন খন গ্ৰহণ নকৰাৰ হুংকাৰ দিছে  সকলোৱে।

আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ বাবে হ’ব পৃথক শুনানি। উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰিছে কেন্দ্ৰই। কেন্দ্ৰক সকলো উত্তৰ দিবলৈ ৪ সপ্তাহৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ। দুসপ্তাহ পিছত হ’ব অসমৰ আবেদনৰ শুনানি।



সেইসময়তে বুধবাৰৰ দিনটোত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজে শ্ৰেণী বৰ্জন কৰে। অসমৰো প্ৰায় সকলো বিশ্ববিদ্যালয়তে বিতৰ্কিত আইনখন বাতিলৰ দাবীত শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ সমাজে। CAA বাতিলৰ দাবীত আজি কটন বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশনত বহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।উচ্চতম ন্যায়ালয়ত বিতৰ্কিত আইনখনৰ শুনানিৰ দিনটোতে ন্যায়ালয় খোলা সময়ৰ পৰা বন্ধ হোৱালৈকে এই গণ অনশন কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয় কটনৰ ছাত্ৰ সমাজে।

সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো বিতৰ্কিত আইনখন বাতিলৰ দাবীৰে ছাত্ৰ সমাজে শ্ৰেণী বৰ্জন কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি