
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
বিশ্ববিদ্যালয়ৰ হাতলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষা। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ বহুকেইখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ক দিয়া হৈছে নিযুক্তি পৰীক্ষাৰ পতাৰ দায়িত্ব।
- আৰক্ষী, হোম গাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে।
- উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ, আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব গুৱাহাটী বিশ্ববিদ্যালয়ে।
- সমাজ কল্যাণ আৰু ছয়ল কনজাৰ্ভেশ্যনৰ নিযুক্তি পৰীক্ষা পাতিব শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে।
- জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব তেজপুৰ বিশ্ববিদ্যালয়ে।
যোৱা ৫ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিব সৈতে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল। বিভিন্ন সময়ত ব্লেক লিষ্টেড প্ৰতিষ্ঠানক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে দায়িত্ব দিয়ে বুলি অভিযোগ উত্থাপিত হোৱা দেখা যায়। আৰু এনেবোৰ অভিযোগৰ পৰা মুক্ত হৈ স্বচ্ছ ভাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। চৰকাৰৰ এই পদক্ষেপক এতিয়া বহুতে আদৰণি জনোৱাও দেখিবলৈ পোৱা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|