• Home
  • »
  • News
  • »
  • assam
  • »
  • প্লাষ্টিকমুক্ত ভাৰতৰ সপোন! মাটিৰ বটলত পানী খুৱাবলৈ সাজু হৈছে চাপৰৰ মৃৎশিল্পী

প্লাষ্টিকমুক্ত ভাৰতৰ সপোন! মাটিৰ বটলত পানী খুৱাবলৈ সাজু হৈছে চাপৰৰ মৃৎশিল্পী

গাঁওখনত বসবাস কৰা প্ৰায় ছশ পৰিয়ালক প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল কৰাৰ সংকল্পৰে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰ।

গাঁওখনত বসবাস কৰা প্ৰায় ছশ পৰিয়ালক প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল কৰাৰ সংকল্পৰে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰ।

গাঁওখনত বসবাস কৰা প্ৰায় ছশ পৰিয়ালক প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল কৰাৰ সংকল্পৰে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰ।

  • Share this:
    মৃতপ্ৰায় অৱস্থাত থকা মৃৎশিল্পক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসেৰে চাপৰ নগৰৰ খৰিদাগোঁসাই গাঁৱৰ ‘ব্ৰহ্মপুত্ৰ ভেলী অৰগেনাইজেচন’ নামৰ এটা বেচৰকাৰী সংস্থাই এক আদৰ্শনীয় পদক্ষেপ হাতত লৈছে। মাটিৰে নিত্য প্ৰয়োজনীয় পানীৰ বটল, বাচন-বৰ্তনকে আদি কৰি সকলো সা-সামগ্ৰী প্ৰস্তুত কৰিছে সংস্থাটোৱে। গাঁওখনত বসবাস কৰা প্ৰায় ছশ পৰিয়ালক প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল কৰাৰ সংকল্পৰে আৰম্ভ কৰিছে প্ৰশিক্ষণ শিবিৰ। দৈনিক স্থানীয় পুৰুষ-মহিলাসকলে প্ৰশিক্ষণ লয় এই শিবিৰত।

    ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰণালয়ৰ SFURTI, MSME আঁচনিৰ জৰিয়তে লাভ কৰা ১ কোটি ১২ লাখ টকাৰ আৰ্থিক অনুদানৰে সম্প্ৰতি চলি আছে প্ৰশিক্ষণ শিবিৰটো। চাপৰৰ এই মৃৎশিল্পই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।



    নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰি বহিঃৰাষ্ট্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইপিনে প্লাষ্টিকৰ অবাধ প্ৰচলনে এইসমূহ সামগ্ৰীৰ চাহিদা একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হৈছে যদিও সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ প্লাষ্টিক বৰ্জনৰ আহ্বানত উৎফুল্লিত হৈ পৰিছে এই সকল মৃৎশিল্পীয়ে।



    এই প্ৰশিক্ষণ শিবিৰত যোগেদি মৃৎশিল্পীসকলে উন্নত মানৰ সামগ্ৰী নিৰ্মাণ কৰি উপাৰ্জনৰ পথ মোকলাই লোৱাৰ লগতে প্ৰত্যেকটো পৰিয়ালৰ পাকঘৰলৈ মাটিৰ বাচন-বৰ্তন লৈ যোৱাৰ অশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে চাপৰৰ এইসকল মৃৎশিল্পীয়ে৷ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো এওঁলোকে লোৱা পদক্ষেপে এক সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published:

    শেহতীয়া বাতৰি