কোৰোণাত আক্ৰান্ত ৰোগীসকলে সদায় যোগ–প্ৰাৰ্থনা, গীত–মাতেৰে নিজক আনন্দত ৰখাৰ লগতে কোৰোণাক জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷
কোৰোণাত আক্ৰান্ত ৰোগীসকলে সদায় যোগ–প্ৰাৰ্থনা, গীত–মাতেৰে নিজক আনন্দত ৰখাৰ লগতে কোৰোণাক জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷
সত্ৰ নগৰী বৰপেটাবাসীয়ে সদায় বহন কৰে একক, অনন্য, সুকীয়া পৰিচয়৷ সত্ৰীয়া পৰম্পৰাক জীৱনৰ সৈতে জড়িত কৰি সদায়েই গুৰুজনাক অন্তৰত লৈ জীৱন–যাপন কৰে বৰপেটাবাসীয়ে৷ সুখতো, দুখতো সৰ্বদা গুৰুজনাৰ নাম প্ৰতিজন বৰপেটীয়াৰ মুখত৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত কোনোণা ৰোগীসকলে সৃষ্টি কৰিলে এক অনন্য পৰিৱেশৰ। হাস্পতালখনৰ কোভিড ইউনিটত নাই কোনো আতংকৰ পৰিৱেশ। তাৰ পৰিৱৰ্তে, হৰিনামেৰে মুখৰিত হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কোভিড ৱাৰ্ড৷
কোৰোণাত আক্ৰান্ত ৰোগীসকলে সদায় যোগ–প্ৰাৰ্থনা, গীত–মাতেৰে নিজক আনন্দত ৰখাৰ লগতে কোৰোণাক জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ প্লাষ্টিকৰ বাল্টি, প্লাষ্টিকৰ বটল, কাহী–বাতি আধিৰে বাদ্য বজাই গাইছে হৰি নাম৷ এই দৃশ্যই প্ৰমাণ কৰে বৰপেটাৰ লোক য'তেই নাথাকক, য'লৈকে নাযাওক, সুখ দুখ, আনন্দ–বিষাদ, সকলোতে সত্ৰীয়া পৰম্পৰা, হৰি নাম আৰু দুজনা গুৰুক কঢ়িয়াই লৈ ফুৰে অন্তৰত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|