সৌন্দৰ্য নহয়, সৰস্বতী পূজাত এইখন কলেজত চলে প্ৰজ্ঞাৰ প্ৰতিযোগিতা

News18 Assam | News18-Assam
Updated:January 30, 2020, 2:14 PM IST
সৌন্দৰ্য নহয়, সৰস্বতী পূজাত এইখন কলেজত চলে প্ৰজ্ঞাৰ প্ৰতিযোগিতা
মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী আৰু প্ৰবক্তাসকলৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ত আয়োজন কৰা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা আৰু পঢ়ুৱৈ প্ৰতিযোগিতাৰ।

মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী আৰু প্ৰবক্তাসকলৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ত আয়োজন কৰা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা আৰু পঢ়ুৱৈ প্ৰতিযোগিতাৰ।

  • Share this:
সৰস্বতী পূজাত চলা অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতাক বিভিন্ন মহলে সমালোচনা কৰাৰ সময়তে নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰতিবছৰে সৰস্বতী পূজাত আয়োজন কৰা গ্ৰন্থমেলা আৰু প্ৰজ্ঞাৰ প্ৰতিযোগিতাই আকৰ্ষিত কৰিছে সকলোকে। মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী আৰু প্ৰবক্তাসকলৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ত আয়োজন কৰা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা আৰু পঢ়ুৱৈ প্ৰতিযোগিতাৰ।

মহাবিদ্যালয়খনৰ গ্ৰন্থগাৰত সকলোতকৈ বেছি গ্ৰন্থ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে শ্ৰেষ্ঠ প্ৰাচীৰ পত্ৰিকাৰ বাবেও সৰস্বতী পূজাত প্ৰদান কৰা হয় বঁটা। এইবেলি গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে পদ্মশ্ৰী সূৰ্য্য হাজৰিকাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি