মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দেৱাশিস হত্যাকাণ্ডৰ ন্যায়ৰ দাবীৰে জাগুনৰ পৰা চাইকেলেৰ মৰিয়নীত উপস্থিত ভূপেন লিকচন

দেৱাশিস হত্যাকাণ্ডৰ ন্যায়ৰ দাবীৰে জাগুনৰ পৰা চাইকেলেৰ মৰিয়নীত উপস্থিত ভূপেন লিকচন

News18 Assam | News18-Assam
Updated:June 8, 2020, 9:27 AM IST
দেৱাশিস হত্যাকাণ্ডৰ ন্যায়ৰ দাবীৰে জাগুনৰ পৰা চাইকেলেৰ মৰিয়নীত উপস্থিত ভূপেন লিকচন
ভূপেন চাইকেল লিকচন নামেৰে খ্যাতি লভা লোকজনে ৫ জুন তাৰিখে পুৱা জাগুনৰ পৰা মৰিয়নী দিশে যাত্ৰা আৰম্ভ কৰিছিল।

ভূপেন চাইকেল লিকচন নামেৰে খ্যাতি লভা লোকজনে ৫ জুন তাৰিখে পুৱা জাগুনৰ পৰা মৰিয়নী দিশে যাত্ৰা আৰম্ভ কৰিছিল।

  • Share this:
ৰাজ্য কঁপাই যোৱা দেৱাশিস গগৈৰ হত্যাকাণ্ডত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত এজন ব্যক্তিৰ অভিনৱ প্ৰতিবাদ। তিনিচুকীয়া জাগুনৰ পৰা ২৪০ কিলোমিটাৰ পথ চাইকেল চলাই দেওবাৰে বিয়লি মৰিয়নীৰ হেমলাই মিল গাঁৱৰ প্ৰয়াত দেৱাশিসৰ গৃহত উপস্থিত হয় লোকজন। তিনিচুকীয়াৰ জাগুনৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা ভূপেন লিকচন।

ভূপেন চাইকেল লিকচন নামেৰে খ্যাতি লভা লোকজনে ৫ জুন তাৰিখে পুৱা জাগুনৰ পৰা মৰিয়নী দিশে যাত্ৰা আৰম্ভ কৰিছিল। চাইকেলৰ হেণ্ডলত লাগি আছিল এখন ফলক। তাত লিখা আছিল-‘দেৱাশিস গগৈৰ হত্যাৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তিৰ দাবীত শুকুৰবাৰ ৫ জুন তাৰিখে ভূপেন চাইকেল লিকচনৰ জাগুনৰ পৰা মৰিয়নীলৈ চাইকেল যাত্ৰা।’

দেৱাশিসৰ গৃহত উপস্থিত হোৱা লোকজনে তেওঁৰ চাইকেল যাত্ৰাৰ উদ্দেশ্য সম্পৰ্কে কয় যে- "লৰাটোক মাৰিলে। কিয় মাৰিলে? এই উত্তৰ বিচাৰি মোৰ মনত অশান্তি হৈ আছিল। সেইবাবে দেৱাশিসৰ হত্যাৰ লগত জড়িত দোষীসকলক ফাঁচী বা যাৱজ্জীৱন শাস্তি প্ৰদানৰ দাবী জনাই মই চাইকেল চলাই আহিছো"। জাগুনৰ ভূপেন লিকচনৰ এই অভিনব প্ৰতিবাদে ৰাইজৰ দৃষ্টি কঢ়া পৰিলক্ষিত হয়।
First published: June 8, 2020, 9:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি