• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত ৰাজপথত জাল মাৰিছে ৰাইজে, পিছে মাছ ধৰিবলৈ নহয়, তেন্তে?

ৰঙিয়াত ৰাজপথত জাল মাৰিছে ৰাইজে, পিছে মাছ ধৰিবলৈ নহয়, তেন্তে?

পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

  • Share this:
    ৰঙিয়া নগৰৰ ২নং ৱাৰ্ডৰ পথৰ ওপৰত জাল মাৰি ব্যতিক্ৰমী প্ৰতিবাদ ৰাইজৰ। চাৰিচকীয়া বাহন চলাচল কৰিব নোৱাৰাকৈ ৰাজপথৰ ওপৰত বান্ধি দিছে বাহ। কিয়নো বোকা-পানীৰে কদৰ্যময় পৰিৱেশ গুৰুত্বপূৰ্ণ পথটোত। জহি-খহি গৈ মৃত্যু ফান্দত পৰিণত হৈছে নগৰখনৰ মাজ মজিয়াৰ গুৰুত্বপূৰ্ণ পথটো।

    পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। উপায়বিহীন হৈ ৰাইজে পথটোৰ ওপৰত সোমবাৰে জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে।

    স্বাধীনতাৰ ৭৪ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই যাতায়াতৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে। বিশেষকৈ ছাত্র-ছাত্ৰী সকলৰ লগতে শিশু, বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা-পানী গছকি অতি কষ্টেৰে অহা-যোৱা কৰি আহিছে। পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে। ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে। শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কাণসাৰ নিদিয়াৰ অভিযোগ। ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায়।
    Published by:Sanjay Kumar Das
    First published: