এঘণ্টাতে মহাত্মা গান্ধীৰ ডেৰশ প্ৰতিমূৰ্তি নিৰ্মাণ, কোনে ৰচিলে এই অভিলেখ

ধুবুৰীৰ আশাৰীকান্দি টেৰাকোটা গাঁৱৰ শিল্পীসকলে এই অসাধ্য সাধন কৰিলে মাত্ৰ এঘণ্টাতে।
ধুবুৰীৰ আশাৰীকান্দি টেৰাকোটা গাঁৱৰ শিল্পীসকলে এই অসাধ্য সাধন কৰিলে মাত্ৰ এঘণ্টাতে।
- News18 Assam
- Last Updated: October 2, 2020, 5:02 PM IST
ধুবুৰীৰ আশাৰীকান্দি টেৰাকোটা গাঁৱৰ শিল্পীসকলে এই অসাধ্য সাধন কৰিলে মাত্ৰ এঘণ্টাতে। কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত টেৰাকোটাৰ পুতলা শিল্পৰ বিশ্ব বজাৰ দখল কৰাৰ সম্ভৱনাৰ কথা উল্লেখ কৰিছিল।
উক্ত কথাতে অনুপ্ৰাণিত হৈ টেৰাকোটা গাঁৱৰ প্ৰতিটো পৰিয়ালৰ আই–মাতৃ, বোৱাৰী–জীয়ৰী, ল’ৰা–ছোৱালী সকলোৱে ৰাজপথত বহি বাপুজীলৈ সন্মান জনালে এইদৰে।
বাপুজীৰ জন্মদিনত আশাৰীকান্দি গাঁৱৰ শিল্পীসকলে অসম্ভৱকো সম্ভৱ কৰি তুলিছে বুলি মন্তব্য কৰিলে সেচ্ছাসেবী সংগঠন নেকাৰ্ডোৰ সঞ্চালক বিনয় ভট্টাচাৰ্যই। আনহাতে, উক্ত অনুষ্ঠান অনুষ্ঠিত কৰি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জেনেৰেল মেনেজাৰ নিৰ্মল কুমাৰ দাসে টেৰাকোটা গাঁৱৰ এই শিল্পকৰ্মই আগন্তুক দিনত ৰাজ্যৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উজ্জ্বল নক্ষত্ৰ হোৱাৰ সম্ভৱনা প্ৰৱল বুলি আশা ব্যক্ত কৰে।