• Home
  • »
  • News
  • »
  • assam
  • »
  • 'কংগ্ৰেছ দুৰ্নীতিৰ সদাগৰ'- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে, BJPয়ে উদাৰতা, মহানতা আৰু বিশালতাৰ দৃষ্টিভংগীৰে অসমৰ উন্নয়নৰ বাবে কাম কৰিছে

'কংগ্ৰেছ দুৰ্নীতিৰ সদাগৰ'- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে, BJPয়ে উদাৰতা, মহানতা আৰু বিশালতাৰ দৃষ্টিভংগীৰে অসমৰ উন্নয়নৰ বাবে কাম কৰিছে

মন্ত্রী সর্বানন্দ সােণােৱালে আজি থাওৰা সমষ্টিৰ বামৰজাবাৰী,নঙলামৰা আৰু খৰাহাত চাহ বাগিচা পূজা খেলপথাৰত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমৰ্থনত তিনিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে।

মন্ত্রী সর্বানন্দ সােণােৱালে আজি থাওৰা সমষ্টিৰ বামৰজাবাৰী,নঙলামৰা আৰু খৰাহাত চাহ বাগিচা পূজা খেলপথাৰত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমৰ্থনত তিনিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে।

মন্ত্রী সর্বানন্দ সােণােৱালে আজি থাওৰা সমষ্টিৰ বামৰজাবাৰী,নঙলামৰা আৰু খৰাহাত চাহ বাগিচা পূজা খেলপথাৰত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমৰ্থনত তিনিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে।

  • Share this:
থাওৰা সমষ্টিত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমর্থনত তিনিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে। অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ- নির্বাচনৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি থাওৰা সমষ্টিৰ বামৰজাবাৰী,নঙলামৰা আৰু খৰাহাত চাহ বাগিচা পূজা খেলপথাৰত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমৰ্থনত তিনিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে।

বিভিন্ন জাতি-জনগােষ্ঠীৰ লােকসকলৰ সমাগমেৰে মুখৰিত হৈ পৰা নির্বাচনী প্রচাৰ সভাত সম্বােধন কৰি সৰ্বানন্দ সােণােৱালে কয় যে, ' ভাৰতীয় জনতা পার্টিয়ে উদাৰতা, মহানতা আৰু বিশালতাৰ দৃষ্টিভংগীৰে অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আহিছে। বৰাক-ব্রহ্মপুত্র, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ যােগেদি উন্নয়নৰ গতি ত্বৰান্বিত কৰাত বিজেপি নেতৃত্বাধীন চৰকাৰে আত্মনিয়ােগ কৰিছে। সেয়েহে সর্বস্তৰৰ ৰাইজে এই দলটোক মৰমেৰে আঁকোৱালি লৈছে।'

উপস্থিত ৰাইজৰ অপাৰ উৎসাহ-উদ্দীপনা, সঁহাৰি দেখি আনন্দ প্রকাশ কৰা সােণােৱালে ভাষণ প্রসংগত লগতে উল্লেখ কৰে যে- 'প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ বলিষ্ঠ নেতৃত্বত অসমে উপনীত হৈছে উন্নয়নৰ এক নতুন শিখৰত। সৰু-বৰ প্ৰতিটো জাতি-জনগােষ্ঠীক আস্থাত লৈ তেওঁলােকৰ আশা-আকাংক্ষা বাস্তৱায়িতকৰাৰ ক্ষেত্ৰত কেন্দ্রীয় আৰু ৰাজ্য- দুয়ােখন চৰকাৰে সম্পূর্ণ সদিচ্ছা, আন্তৰিকতা আৰু কৰ্তব্যশক্তিৰে কাম কৰি আছে। ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ এই যাত্রাত অংশীদাৰ হৈছে সর্বস্তৰৰ সকলাে নাগৰিক।'

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম-কাজৰ ভূয়সী শলাগলৈ সােণােৱালে কয় যে- 'মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসম চৰকাৰে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ বাবে লােৱা পদক্ষেপ প্রশংসনীয়। অনাগত দিনতাে "সবকা সাথ,সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস"ৰ  নীতিৰে উদ্বুদ্ধ হৈ ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ প্রতি শ্রদ্ধা-ভক্তিৰে সেৱা আগবঢ়াই যাব।'

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত উল্লেখ কৰে যে- কংগ্ৰেছ হ'ল দুর্নীতিৰ সদাগৰ। তেওঁলােকৰ শাসনকালত ৰাইজে কোনাে আঁচনিৰ প্রকৃত সুবিধা লাভ কৰিবলৈ সক্ষম হােৱা নাছিল। কেৱল চৌদিশে মধ্যভােগীৰহে দপদপনি আছিল। ফলত যােগ্য হিতাধিকাৰীসকল আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছিল। কিন্তু মােদী ডাঙৰীয়াই শাসনভাৰ লৈয়ে এই মধ্যভােগীৰ দপদপনি নিঃশেষ কৰিলে। এতিয়া আঁচনিসমূহৰ ধনৰাশি হিতাধিকাৰীসকলে ডিবিটি পদ্ধতিৰে পােনপটীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে। থাওৰা সমষ্টিৰ ৰাইজে সমন্বয়ৰ নিদর্শন দাঙি ধৰি এখন ঐক্যবদ্ধ আৰু শক্তিশালী সমাজ গঢ়াত অহােপুৰুষাৰ্থ কৰি আহিছে। কৃষি অর্থনীতিক গতিশীলতা প্রদানকৰাতাে এই সমষ্টিটোৰ ৰাইজৰ ভূমিকা উল্লেখযােগ্য- এইবুলি উল্লেখ কৰেসােণােৱালে আৰু সমূহ ৰাইজক ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থীসুশান্ত বৰগােহাঁইক পদুম ফুলৰ চিহ্নত ভােট দি বিপুল ভােটত জয়যুক্ত কৰিবলৈআহ্বান জনায়।

আজিৰ এই প্ৰচাৰ সভাত কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্রীদ্বয় বিমল বৰা আৰু যােগেন মহন,সাংসদ প্রদান বৰুৱা,কুইন ওজা আৰু ভূৱনেশ্বৰ কলিতা বিধায়কসকল-প্রশান্ত ফুকন, ভূৱন পেগু, ধর্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈ, বিজেপিৰ মুখপাত্র- ৰূপম গােস্বামী আৰু সুভাষ দত্ত, থাওৰাৰ প্রাক্তন বিধায়ক কুশল দুৱৰী, মিত্রদল অগপ আৰুসন্মিলিত গণশক্তিৰ বিষয়ববীয়া, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগােহাঁই প্ৰমুখ্যে বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ সদস্য আৰু দলীয় কার্যকর্তাসকল।
Published by:Himangshu Bhuyan
First published: