সুদীৰ্ঘ ৫বছৰ ৭২দিনৰ পিছত কইনাধৰাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক ৷ এই অতিথিশালাটো পুনৰ এবাৰ হৈ পৰিছে প্ৰাসংগিক ৷
সুদীৰ্ঘ ৫বছৰ ৭২দিনৰ পিছত কইনাধৰাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক ৷ এই অতিথিশালাটো পুনৰ এবাৰ হৈ পৰিছে প্ৰাসংগিক ৷
সুদীৰ্ঘ ৫বছৰ ৭২দিনৰ পিছত কইনাধৰাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক ৷ এই অতিথিশালাটো পুনৰ এবাৰ হৈ পৰিছে প্ৰাসংগিক ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ২০১৬ৰ ২০ মে'ত অনুষ্ঠিত হৈছিল কইনাধৰাত শেষৰখন কেবিনেট বৈঠক ৷ ২০১৬চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মচনদ দখল কৰাৰ বহুদিন পিছতহে কইনাধৰা এৰি তৰুণ গগৈয়ে সলনি কৰিছিল ঠিকনা ৷
তৰুণ গগৈৰ নতুন ঠিকনা হৈছিল চৰকাৰী মন্ত্ৰী আৱাসৰ ৭ নম্বৰ আৱাসগৃহ ৷ ২০০১ চনত মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত কইনাধৰাত থাকিবলৈ লৈছিল তৰুণ গগৈ ৷ তাৰ পূৰ্বে কইনাধৰা সততে ব্যৱহৃত হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছৰ সন্মিলন সভাগৃহ হিচাপেহে ৷ ২০১৬ত ১৫বছৰীয়া গগৈ শাসনৰ যৱনিকা পৰাত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালো কইনাধৰাতে থাকিব বুলি প্ৰায় সংখ্যক লোকে কৰি লৈছিল অনুমান ৷ কিন্তু সৰ্বানন্দ সোণোৱালে কইনাধৰাক ঠিকনা নকৰি ঠিকনা হিচাপে বাছি ল'লে উজানবজাৰস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাক ৷
উল্লেখ কৰিব পাৰি যে ২০১৮চনৰ জুলাইৰ ২৬তাৰিখে তৰুণ গগৈয়েও কইনাধৰাক বিদায় দি মন্ত্ৰী আৱাসৰ ৭নম্বৰ বাসগৃহটোক কৰি লৈছিল নিজৰ ঠিকনা ৷ এই দুই মুখ্যমন্ত্ৰীয়ে কইনাধৰা আৰু ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাক নিজৰ চৰকাৰী ঠিকনা কৰি লোৱাৰ বিপৰীতে ব্যতিক্ৰম বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঠিকনা অতিথিশালা কৰাৰ সলনি বাচি ল'লে মন্ত্ৰী আৱাসতে ৷ বুধবাৰে অৰ্থাৎ আজি বিয়লি ৪.৩০বজাত ২০সংখ্যক বৈঠক অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৷
"কইনাধৰা পুনৰ ৰাজ্যিক অতিথিশালা হিচাপে ব্যৱহৃত হ'ব ৷ প্ৰধানমন্ত্ৰীকে ধৰি যিসকল অতিথি আহিব এতিয়াৰে পৰা তেওঁলোকক আতিথ্য দিয়া হ'ব কইনাধৰাত ৷ ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰ হোটেলৰ পিছফালে যিটো অতিথিশালা নিৰ্মীয়মান অৱস্থাত আছে সেইটোও ২০২২ৰ পৰা ৰাজ্যিক অতিথিশালা হিচাপে ব্যৱহৃত হ'ব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমলৈ আহিলে তেওঁ ব্যৱহাৰ কৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাতে তেওঁক ৰখা হ'ব ৷ তেওঁ চৰকাৰী কাম-কাজো তাৰ পৰাই চলাব পাৰিব ৷ তেওঁ নথকা অৱস্থাত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ব্যৱহৃত হ'ব চৰকাৰী কাম-কাজত ৷"— এনেদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|