
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) মোদী মন্ত্ৰী সভাত জাহাজ, বন্দৰ, জল পথ পৰিবহণৰ লগতে আয়ূষ মন্ত্ৰালয়ৰো দায়িত্ব দিয়া হৈছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) মোদী মন্ত্ৰী সভাত জাহাজ, বন্দৰ, জল পথ পৰিবহণৰ লগতে আয়ূষ মন্ত্ৰালয়ৰো দায়িত্ব দিয়া হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীৰূপে বুধবাৰে শপত গ্ৰহণ কৰাৰ পিছতে আজি দায়িত্বভাৰ চমজি ল'লে সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal)। আজি আয়ূষ মন্ত্ৰালয় (Ayush Ministry)ত শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হৈ মন্ত্ৰালয়ৰ কামকাজৰ বুজ লয় আৰু আগন্তুক দিনত ল'ব পৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে।
উল্লেখ্য যে সৰ্বানন্দ সোণোৱালক মোদী মন্ত্ৰী সভাত জাহাজ (Shipping), বন্দৰ (Port), জল পথ পৰিবহণ (Waterways)ৰ লগতে আয়ূষ মন্ত্ৰালয়ৰো দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ আজি জাহাজ দপ্তৰৰ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হৈ দপ্তৰৰ কামকাজৰ আভাষ লয়।
উল্লেখ্য যে মোদীৰ মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে মন্ত্ৰীপদ লাভ কৰিছে সৰ্বানন্দ সোণোৱালে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|