• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দিল্লীত অসমীয়াতে শপত ল'লে সৰ্বানন্দ সোণোৱালে

ৰাজ্যসভাৰ সাংসদ হিচাপে নতুন দিল্লীত অসমীয়াতে শপত ল'লে সৰ্বানন্দ সোণোৱালে

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিছিল মাজুলি বিধানসভা সমষ্টিৰ বিধায়কপদ। 

  • Share this:
ৰাজ্যসভাৰ  অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি এ ভেংকায়া নাইডুৰ কাৰ্যালয়ত আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰে। সৰ্বানন্দ সোণোৱালে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আৰু দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতা প্ৰকাশ কৰি ঈশ্বৰৰ নামত শপত খাই অসমীয়া ভাষাত শপত বাক্য পাঠ কৰে।

উল্লেখ্য যে,  ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল সৰ্বানন্দ সোণোৱাল। আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে সোণোৱালে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপিৰ কেন্দ্ৰীয় সভাপতিক ধন্যবাদ জনাইছিল ৷ সেইদৰে ৰাজ্যসভা নিৰ্বাচনত জয়ী হোৱাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ সময়ত সৰ্বানন্দ সোণোৱালক সংগ দিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিছিল মাজুলি বিধানসভা সমষ্টিৰ বিধায়কপদ।
Published by:Himangshu Bhuyan
First published: