• Home
  • »
  • News
  • »
  • assam
  • »
  • Sarbananda Sonowal : গগণ চন্দ্র সােণােৱাল সমন্বয় ক্ষেত্ৰত একেদিনাই ৫০খন গ্রন্থৰ উন্মােচন সৰ্বানন্দ সোণোৱালৰ, চৌকিডিঙী খেলপথাৰত গ্ৰন্থৰ সুবাস

Sarbananda Sonowal : গগণ চন্দ্র সােণােৱাল সমন্বয় ক্ষেত্ৰত একেদিনাই ৫০খন গ্রন্থৰ উন্মােচন সৰ্বানন্দ সোণোৱালৰ, চৌকিডিঙী খেলপথাৰত গ্ৰন্থৰ সুবাস

Dibrugarh Book Fair : কিতাপৰ সৈতে নৱপ্ৰজন্মৰ নিবিড় সম্পর্ক আৰু বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলােৱে উদগনি যােগাব লাগিব: সর্বানন্দ সোণোৱাল 

Dibrugarh Book Fair : কিতাপৰ সৈতে নৱপ্ৰজন্মৰ নিবিড় সম্পর্ক আৰু বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলােৱে উদগনি যােগাব লাগিব: সর্বানন্দ সোণোৱাল 

Dibrugarh Book Fair : কিতাপৰ সৈতে নৱপ্ৰজন্মৰ নিবিড় সম্পর্ক আৰু বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলােৱে উদগনি যােগাব লাগিব: সর্বানন্দ সোণোৱাল 

  • Share this:
ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযােগত চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত দ্বাদশ ডিব্রুগড় গ্রন্থমেলা (Dibrugarh Book Fair)ত আজি উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল (Union Minister Sarbananda Sonowal)। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে গ্রন্থমেলাৰ বাকৰিত থকা বিভিন্ন গ্রন্থ বিপণী পৰিদৰ্শন কৰি গ্ৰন্থৰ সুবাস লয়। এই সময়ছােৱাত তেখেতক সংগ দিয়ে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই।

গ্রন্থমেলাখন পৰিদৰ্শন কৰি সৰ্বানন্দ সােণােৱালে কয়, "গ্রন্থ এটা জাতিৰ, এখন সমাজৰ আৰু ভাষাৰ সৈতে থকা আমাৰ বান্ধোনৰ দাপােণস্বৰূপ ৷ ন ন চিন্তাৰ উন্মেষেৰে গ্ৰন্থই জ্ঞান অন্বেষণৰ অবিৰত বাট মুকলি কৰি আহিছে। সেয়ে ডিব্রুগড়ত গ্রন্থমেলাৰ দৰে এক মহৎ কাৰ্যসূচী হাতত লােৱাৰ বাবে আয়ােজকসকল অতিকৈ কৃতজ্ঞতাৰ পাত্র। এই গ্রন্থমেলাই কিতাপ পঢ়াৰ স্পৃহা বৃদ্ধি কৰাৰ লগতে কিতাপৰ সৈতে আমাৰ বন্ধুত্বক আৰু সুদৃঢ় কৰক, তাৰেই কামনা কৰিছোঁ।"

ডিব্রুগড় গ্রন্থমেলাৰ সর্বাংগীণ সফলতা কামনা কৰি ৰাইজৰ পূর্ণ সঁহাৰি আশা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে ডিব্রুগড়ৰ গগন চন্দ্র সােণােৱাল সমন্বয় ক্ষেত্ৰত সােণােৱাল কছাৰী সাহিত্য সভাৰদ্বাৰা আয়ােজিত সভাৰ প্রথম দ্বি-বার্ষিক অধিৱেশনত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)ও।

সর্বানন্দ সােণােৱালে লগতে কয়,"বৃহত্তৰ অসমীয়া জাতিৰ মাজত সমন্বয়ৰ ভাৱধাৰা অটুট ৰখাৰ ক্ষেত্ৰত সােণােৱাল কছাৰী সাহিত্য সভাই এক গুৰু দায়িত্ব বহন কৰিব লাগিব। তাৰ বাবে সমন্বয় ধৰি ৰখা সাহিত্য সৃষ্টিৰ খুবেই প্রয়ােজনীয়তা আছে।" উল্লেখ্য যে গগণ চন্দ্র সােণােৱাল সমন্বয় ক্ষেত্ৰত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে  একেলগে ৫০খন গ্ৰন্থ উন্মােচন কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: