
binary comment
Nimatighat Boat Accident : নিমাতীঘাট নাও দুৰ্ঘটনাৰ সময়ত দেখুওৱা তৎপৰতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক ধন্যবাদ জনালে সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) ৷ পৰিমিতা দাস (Parimita Das)ৰ আত্মাৰ চিৰশান্তি কামনা সোণোৱালৰ।
নিমাতীঘাট দুৰ্ঘটনাৰ (Nimatighat Boat Accident) পিছতে আজি নিমাতীঘাট আৰু মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)। মাজুলীত উপস্থিত হৈ মাজুলীৰ দলঙক (Jorhat-Majuli Bridge)লৈ ৰাজনীতি কৰা বুলি উত্থাপিত অভিযোগত দুখ প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে।
সোণোৱালে কয়, ’দলঙকলৈ ৰাজনীতি কৰা বুলি অনা অভিযোগত মই ব্যথিত ৷ মই মাজুলীৰ ৰাইজক শ্ৰদ্ধা কৰোঁ আৰু কেতিয়াও মাজুলীৰ ৰাইজৰ লগত ৰাজনীতি নকৰোঁ। দলঙৰ বাবে কৰণীয়খিনি কৰি থকা হৈছে। মই মাজুলীৰ ৰাইজৰ বাবে কাম কৰি গৈছো আৰু যি পদবীতে নাথাকো মাজুলীবাসী মোৰ বাবে সদায় নমস্য।’
৮ তাৰিখৰ ঘটনা অতি বেদনাদায়ক বুলি মন্তব্য কৰি সোণোৱালে দুৰ্ঘটনাৰ বাবে দেখুওৱা তৎপৰতাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় সৰ্বানন্দ সোণোৱালে৷ নিমাতীঘাট নাও দুৰ্ঘটনাৰ বুজ ল'বলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক প্ৰশংসাৰে উপচাই দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে কয়, "ভৱিষ্যতৰ দিনত পুনৰ যাতে এনে ঘটনা নহয় তাৰ বাবে মূখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ বাবে মূখ্যমন্ত্ৰীক ধন্যবাদ।" লগতে তেওঁ কয় যে ফেৰীসমূহ ঘাটত ৰখাত থকা অসুবিধাসমূহ দূৰ কৰিব লাগিব।
আনহাতে এই শোকাৱহ নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাস (Parimita Das)ৰ স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰচেষ্টা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। পৰিমিতা দাসৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই সোণোৱালে সন্ধানহীন হৈ থকা বিক্ৰমজিৎ বৰুৱা আৰু জান বৰা যাতে নিৰাপদে থাকে তাৰ বাবেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|