গৃহভূমিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৰঝাৰ বিমান বন্দৰত বিপুল জনতাই মন্ত্ৰীগৰাকীক আদৰণি জনায়। ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডত দেশৰ আগশাৰীৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে স্থান লাভ কৰাৰ পিছত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এয়া প্ৰথমবাৰৰ বাবে গহভূমিত উপস্থিত হয়।
বিমানবন্দৰত জনতাৰ আদৰণিৰ মাজেৰে সোণোৱালে বশিষ্ঠৰ বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়, অলপতে উদ্বোধন কৰা বিজেপিৰ উত্তৰ–পূবৰ কাৰ্যালয়, হেঙেৰাবাৰীৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয়। মন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপি নেতা ফণীন্দ্ৰ শৰ্মা, সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী বিমল বৰা আৰু বিধায়ক নৱ দলে।
নতুন দায়িত্বপ্ৰাপ্তিক লৈ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ বাবে সাজু বুলি প্ৰকাশ কৰে। প্ৰতিজন বিজেপিৰ সদস্যক লগত লৈ আন্তৰিকতাৰে কাম কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ মোদীৰ আন্তৰিকতাত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ দিশত দোপতদোপে আগবাঢ়িছে বুলি কয়। আনহাতে লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ বাবে বিজেপি সাজু হোৱাৰ কথা প্ৰকাশ কৰি এইক্ষেত্ৰত ৰণনীতিও যুগুটোৱা বুলিও জানিবলৈ দিয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|