দেৱভূমি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ অলকানন্দ ঘাটত "আয়ুষ সম্বাদ" (Ayush Sambad) অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্রীয় আয়ুষ আৰু কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে উপস্থিত থাকি ৰাজ্যখনত আয়ুষ আন্তঃগাঁথনি সম্প্রসাৰণ আৰু উন্নীতকৰণৰ বাবে কেইবাটাও পদক্ষেপ ঘােষণা কৰে।
আয়ুষ মন্ত্ৰালয়ৰ (Ministry of AYUSH) অধীনত উত্তৰাখণ্ডত (Uttarakhand) ১০ খন বিছনাযুক্ত নতুন আয়ুষ চিকিৎসালয় স্থাপন, কোটদ্বাৰত ৫০ খন বিছনাযুক্ত উন্নত চৰকাৰী আয়ুষ চিকিৎসালয়, পিন কালিয়াৰত ৫০ খন বিছনাযুক্ত চৰকাৰী উনানী চিকিৎসালয় স্থাপন কৰা হ'ব বুলি তেওঁ ঘােষণা কৰে।মন্ত্রী সােণােৱালে (Union Minister Sarbananda Sonowal) অনুষ্ঠানটোত কয়, "পৰৱর্তী দশকটো উত্তৰাখণ্ডৰ হ'ব। আয়ুষ আৰু পর্যটন খণ্ডই অনাগত বছৰবােৰত গুৰুত্বপূর্ণ বিকাশ দেখিব। ভাৰত চৰকাৰে ৰাজ্যখনত বিভিন্ন আঁচনিৰ জৰিয়তে ১ লাখ কোটি বিনিয়ােগ কৰিছে আৰু উত্তৰাখণ্ডক এখন প্রগতিশীল ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সমন্বিত প্রচেষ্টা চলাই আছে। উত্তৰাখণ্ড হৈছে এখন সম্ভাৱনাৰ ঠাই আৰু ইয়াৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ বাবে, ই ৰাজ্যখনৰ সামগ্রিক বিকাশত অৰিহণা যােগােৱাৰ যথেষ্ট সম্ভাৱনা আছে। সামগ্রিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে, ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে উত্তৰাখণ্ড উপত্যকাত বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিব।''
তেওঁ পুনৰ কয়- ''আজি ঘােষণা কৰা পদক্ষেপ আৰু বর্ধিত বিনিয়ােগে আয়ুষ খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাত সহায় কৰিব। ইয়াৰ উপৰি, প্রধান আয়ুর্বেদিক শিক্ষাৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ বাবে উত্তৰাখণ্ড আয়ুর্বেদ বিশ্ববিদ্যালয়ত দেশৰ বাবে নােডেল কেন্দ্র হিচাপে এটা 'মর্ম চিকিৎসা' প্রশিক্ষণ কেন্দ্র নির্মাণ কৰা হ'ব, যি সমগ্র দেশ আৰু বিশ্বৰ শিক্ষার্থীসকলক আয়ুর্বেদত বিশেষজ্ঞ হােৱাত সহায় কৰিব।"
তদুপৰি আজিৰ অন্যান্য ঘােষণাৰ ভিতৰত আছে ডইৱালাত চৰকাৰী হােমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় স্থাপন; সাধাৰণ ৰাইজৰ বাবে আয়ুষ সেৱাৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবে প্ৰতিখন জিলাত ভ্রাম্যমাণ আয়ুষ গােটৰ (আয়ুষ ৰথ)ব্যৱস্থা, ১০০ টা আয়ুষ সুস্থতা কেন্দ্র স্থাপনৰ বাবে বিত্তীয় সহায় আগবঢ়োৱা হ'ব বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ঘােষণা কৰে।
সাধাৰণতে উপলব্ধ ঔষধি উদ্ভিদৰ ব্যৱহাৰ জনপ্রিয় কৰিবলৈ, ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ বাের্ডে (এনএমপিবি) শিক্ষার্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ২০০ খন বিদ্যালয়ত ভেষজ বাগিচা স্থাপন কৰিব; উত্তৰাখণ্ডৰ কৃষকসকলক উন্নত মানদণ্ডৰ ৰােপণ সামগ্রী প্রদান কৰাৰ বাবে এনএমপিবিয়ে ১৩ খন জিলাৰ ১৩ খন নাৰ্চাৰীক সহযােগিতা আগবঢ়াব; ঔষধি উদ্ভিদৰ বাবে মূল্য সংযােজন, শুকান, ৱেৰহাউচিং আৰু বিপণন আন্তঃগাঁথনি বৃদ্ধিৰ বাবে স্থানীয় ক্লাষ্টাৰ স্থাপনৰ বাবে প্রতি কৃষক গােটত ১৫ লাখ টকাৰ সাহায্য প্রদান কৰা হ'ব আৰু 'মর্ম চিকিৎসা'ত উত্তৰাখণ্ড আয়ুর্বেদ বিশ্ববিদ্যালয়ক দেশৰ বাবে নােডেল কেন্দ্র হিচাপে গঢ়ি তােলা হ'ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।
আজি আয়ুষ সম্বাদ কাৰ্যসূচীত উপস্থিত থকা আন গুৰুত্বপূৰ্ণ সন্মানীয় ব্যক্তিসকল আছিল - উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী ড০ হৰক সিং ৰাৱট, মন্ত্রী, আয়ুষ আৰু আয়ুষ শিক্ষা, উত্তৰাখণ্ড ৰাজ্য চৰকাৰ; স্বামী যতীশ্বৰন্দ, কেবিনেট মন্ত্রী, ভাৰত চৰকাৰ; উত্তৰাখণ্ডৰ আয়ুর্বেদ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ সুনীল কুমাৰ যােশী; বৈদ্য ৰাজেশ কোটেচা, আয়ুষ মন্ত্ৰালয়ৰ সচিব, ভাৰত চৰকাৰ; শ্রী চন্দ্রেশ কুমাৰ, উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ আয়ুষ আৰু আয়ুষ শিক্ষাৰ সচিব; ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্রী ডি চেন্থিল পাণ্ডিয়ান; ৰাজ্যিক বিধান সভাৰ সদস্য শ্রী মদন কৌশিক আৰু উত্তৰাখণ্ডৰ আয়ুর্বেদ আৰু উনানী সেৱাৰ সঞ্চালক ড০ (অধ্যাপক) অৰুণ কুমাৰ ত্রিপাঠী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|