নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ পিছত কাইলৈ অসমত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে মাজুলীলৈ যাত্ৰা কৰিব।
মাজুলীৰ ঘটনাক অত্যন্ত বেদনাদায়ক বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিধিগত সকলো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে, বিৰোধীয়ে দলং নিৰ্মাণৰ বিষয়টো ৰাজনৈতিক মেৰপেঁচ বুলি মন্তব্য কৰাৰ বিপৰীতে দলং হ’বই বুলি দৃঢ়তাৰে মন্তব্য কৰে সোণোৱালে। কাইলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলিলৈ যাত্ৰা কৰিব বুলি জানিবলৈ পোৱা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|