• Home
  • »
  • News
  • »
  • assam
  • »
  • কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰ সাক্ষাৎ

আলোচনাকালত ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত

আলোচনাকালত ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত

আলোচনাকালত ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত

  • Share this:
ডিব্ৰুগড়ত বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গই সাক্ষাৎ কৰে। জানিব পৰা মতে, এই সাক্ষাতৰ সময়ছোৱাত তেওঁলোকৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীয়ে আলোচনাত মিলিত হয়। আলোচনাকালত তেওঁলোকে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ বিষয়ে সৰ্বানন্দ সোনোৱালক অৱগত কৰে।

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে এই সন্দৰ্ভত ডিব্ৰুগড়ৰ পৰাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল'বলৈ আহ্বান জনায়। লগতে অতি শীঘ্ৰেই নতুন দিল্লীলৈ গৈ উক্ত বিষয়ত মন্ত্ৰালয়টোৰ সচিবৰ সৈতে খৰচি মাৰি আলোচনা কৰিব বুলি প্ৰতিনিধিবৰ্গক আশ্বাস প্ৰদান কৰে।

মন কৰিবলগীয়া যে, দিল্লীৰ প্ৰচাৰ ভাৰতীৰ নং ১৩(২)আৰএনইউ-২১ দিনাংক ২১-১০-২০২২ৰ নিৰ্দেশনা অনুসৰি, ২৫ অক্টোবৰৰ পৰা ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা বাতৰি বা বাতৰি সৰ্ম্পকীয় বুলেটিন প্ৰচাৰ বন্ধ কৰা হৈছে। যদিহে গুৱাহাটী আকাশবাণী কেন্দ্ৰই ইচ্ছা প্ৰকাশ কৰে, তেনেহ’লে গুৱাহাটী কেন্দ্ৰই আগতীয়াকৈ আধাঘণ্টাৰ বাবে দিল্লীৰ পৰা অনুমোদন ল’ব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছিল। ইয়াৰ পাছতেই প্রতিদিনে সন্ধিয়া ছয় বজাত প্ৰচাৰ হোৱা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি উক্ত দিনাৰে পৰা বন্ধ কৰা হয়। লগতে, বুধবাৰে নিশা প্ৰচাৰ হোৱা বাতৰি বিভাগৰ পৰিক্ৰমা আৰু ৭.৩০ বজাত প্ৰচাৰিত মিচিং জনগোষ্ঠীয় লোকৰ বাবে বিশেষভাৱে প্ৰচাৰিত বাতৰিও বন্ধ হৈছে। ইফালে, উজনি অসমৰ আঠখন জিলাৰ স্থানীয় বা-বাতৰি প্ৰচাৰ কৰা ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা অসমীয়া বাতৰি বুলেটিন বন্ধ হোৱাৰ খবৰে আজিও ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত আছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি