মুখ্যপৃষ্ঠা »খবৰ »অসম »দিল্লীৰ পৰা কাইলৈ আহিব সোণোৱাল, এতিয়াও মাজুলীৰ বিধায়ক হৈ আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

দিল্লীৰ পৰা কাইলৈ আহিব সোণোৱাল, এতিয়াও মাজুলীৰ বিধায়ক হৈ আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

 ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সৰ্বানন্দ সোণোৱালে এৰিব বিধায়ক পদ।

ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সৰ্বানন্দ সোণোৱালে এৰিব বিধায়ক পদ।

ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সৰ্বানন্দ সোণোৱালে এৰিব বিধায়ক পদ।

  • Share this:

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়াও মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক হৈ আছে। ২০১৬ চনৰ চতুৰ্দশ বিধানসভা নিৰ্বাচনত মাজুলী সমষ্টিৰ পৰা জয়লাভ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা সৰ্বানন্দ সোণোৱালে ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো মাজুলী সমষ্টিৰ পৰা জয়লাভ কৰিছিল।


সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সৰ্বানন্দ সোণোৱাল অৱশ্যে এতিয়াও মাজুলীৰ বিজেপি বিধায়ক হৈয়ে আছে। কেন্দ্ৰীয় মন্ত্ৰী হৈছে যদিও সৰ্বানন্দ সোণোৱালে এতিয়াও অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দিয়া নাই। আগন্তুক ৪ অক্টোবৰৰ অসমৰ এখন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সৰ্বানন্দ সোণোৱালে এৰিব বিধায়ক পদ।


মাজুলী সমষ্টিৰ দুবাৰৰ বিধায়কগৰাকীয়ে নিমাতীঘাটৰ মৰ্মান্তিক ঘটনাৰ বুজ ল'বৰ বাবে কাইলৈ মাজুলীত উপস্থিত হ'ব। পুৱা নতুন দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈ তাৰ পৰাই মাজুলীলৈ ৰাওনা হ'ব সৰ্বানন্দ সোণোৱাল। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে মাজুলীবাসীয়ে।

শেহতীয়া বাতৰি