মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (Cabinet Committee on Political Affairs) CCPAত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।
বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মোদী মন্ত্ৰীসভাৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। মোদী মন্ত্ৰীসভাৰ কেবিনেট কমিটী (Cabinet Committees)ত স্থান লাভ কৰিছে সৰ্বানন্দ সোণোৱালে। সোমবাৰে পুনৰগঠন কৰা কেবিনেট কমিটীত সোণোৱালৰ অংশগ্ৰহণে অসমৰ প্ৰতি মোদী চৰকাৰৰ গুৰুত্বকেই প্ৰমাণ কৰিছে।
মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (Cabinet Committee on Political Affairs) CCPAত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। সণোৱালৰ লগতে এই কমিটিত আছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং। এই আটাইকেইটা বিভাগৰ মন্ত্ৰীক প্ৰথমবাৰৰ বাবে CCPAত অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বে একে বিভাগৰ মন্ত্ৰীসকলক CCPAত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।
উত্তৰপূবৰ আন এগৰাকী দক্ষ মন্ত্ৰী, আইন মন্ত্ৰী কিৰেন ৰিজিজুকো প্ৰথমবাৰৰ বাবে CCPAত অন্তৰ্ভুক্ত কৰা হৈছে। ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জূন মুণ্ডাকো এই কমিটীত স্থান দিয়া হৈছে। ৰবি শংকৰ প্ৰসাদৰ ঠাইত ৰিজিজুক আৰু প্ৰকাশ জাভড়েকাৰৰ ঠাইত অনুৰাগ ঠাকুৰক স্থান দিয়া হৈছে।
এওলোকৰ উপৰিও CCPAত অন্তৰ্ভুক্ত কৰা হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীকো। স্মৃতি ইৰাণীকো প্ৰথমবাৰৰ বাবে CCPAত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে সামজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বিৰেন্দ্ৰ কুমাৰক থাৱৰ চান্দ গেহলোটৰ ঠাইত স্থান দিয়া হৈছে।
সৰ্বানন্দ সোণোৱালৰ উপৰিও কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাগৰাকীও যুৱ কেবিনেট মন্ত্ৰীক। এওলোকৰ ভিতৰত উল্লেখযোগ্য হ'ল জ্যোতিৰাদিত্য সিন্দিয়া। জ্যোতিৰাদিত্য সিন্দিয়াক বিনিয়োগ আৰু বিকাশ বিভাগৰ কেবিনেট কমিটীত স্থান দিয়া হৈছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু MSME মন্ত্ৰী নাৰায়ণ ৰাণেকো এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|