• Home
  • »
  • News
  • »
  • assam
  • »
  • বগীবিলত ৰে'লৱেৰ ৰিভাৰফ্ৰণ্ট জেটি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বগীবিলত ৰে'লৱেৰ ৰিভাৰফ্ৰণ্ট জেটি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এই প্ৰকল্পটোৱে জলপথ পৰিবহনৰ পণ্য সামগ্ৰী ৰে'লৱেৰ দ্বাৰা গন্তব্যস্থানলৈ পৰিবহনৰ অৰ্থে সুবিধা প্ৰদান কৰাৰ দিশত কাৰ্গো পৰিবহনক নেতৃত্ব প্ৰদান কৰিব।

এই প্ৰকল্পটোৱে জলপথ পৰিবহনৰ পণ্য সামগ্ৰী ৰে'লৱেৰ দ্বাৰা গন্তব্যস্থানলৈ পৰিবহনৰ অৰ্থে সুবিধা প্ৰদান কৰাৰ দিশত কাৰ্গো পৰিবহনক নেতৃত্ব প্ৰদান কৰিব।

এই প্ৰকল্পটোৱে জলপথ পৰিবহনৰ পণ্য সামগ্ৰী ৰে'লৱেৰ দ্বাৰা গন্তব্যস্থানলৈ পৰিবহনৰ অৰ্থে সুবিধা প্ৰদান কৰাৰ দিশত কাৰ্গো পৰিবহনক নেতৃত্ব প্ৰদান কৰিব।

  • Share this:
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত তাৎপর্যপূর্ণভাৱে বিকাশ প্ৰদান কৰি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰে'লৱেৰ দ্বাৰা নিৰ্মাণ কৰা বগীবিল ৰে'ল তথা পথ দলঙৰ সমীপত এখন ৰিভাৰফ্ৰন্ট পেছেঞ্জাৰ জেটি উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটোত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আঞ্চুল গুপ্তাৰ লগতে তিনিচুকীয়া মণ্ডলৰ মাণ্ডলিক ৰে'ল প্ৰৱন্ধক বিজয় কুমাৰ মিশ্ৰ, ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু বন্দৰ, জাহাজ ও জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলো উপস্থিত থাকে।

বগীবিলত ৰিভাৰফ্ৰণ্ট জেটি উদ্বোধন কৰাৰ সময়ত মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ দ্বাৰা পেছেঞ্জাৰ জেটিৰ সফল উন্নীতকৰণৰ দিশত প্ৰশংসা কৰি পাণ্ডু, যোগীঘোপা আৰু ধুবুৰীত একে ধৰণৰ সুবিধা প্ৰদানৰ বাবে ৰে'লৱেক অনুৰোধ জনায়। লগতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আৰু তিনিচুকীয়া মণ্ডলৰ মাণ্ডলিক ৰে'ল প্ৰৱন্ধকক পেছেঞ্জাৰ জেটি সফলভাৱে প্ৰৱৰ্তন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধকে এই উপলক্ষে বিশ্বমানৰ মানদণ্ড অনুসৰি নিউ তিনিচুকীয়া আৰু ডিব্ৰুগড় ৰে'ল ষ্টেচনৰ আধূনিকীকৰণৰ পৰিকল্পনা ঘোষণা কৰে। মহাপ্ৰৱন্ধকগৰাকীয়ে কয় যে বগীবিলত পৰ্যটন বৃদ্ধিৰ বাবে ধমলগাওঁ ষ্টেচনৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে। তেখেতে লগতে অঞ্চলটোৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক উন্নয়নৰো প্ৰতিশ্ৰুতি দিয়ে। বগীবিলক মাল্টিম’ডেল আৰ্হিৰ ধাৰণাৰে মালবাহী আৰু যাত্ৰীবাহী যাতায়ত পৰিচালনাৰ বাবে বগীবিলক গতি শক্তি গোট হিচাপে গঢ়ি তোলা হ'ব বুলিও তেখেতে কয়।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা মিছন 'গতি শক্তি'ৰ অধীনত ৰে'ল আৰু জলপথৰ মাজৰ একত্ৰিত যোগাযোগৰ দিশত বগীবিলৰ সেতু সমীপৰ নদীৰ স্থান উন্নয়ন প্ৰকল্পটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্থানীয় পৰ্যটন আৰু সংস্কৃতিক উৎসাহিতকৰণ তথা বগীবিল অঞ্চলৰ আশে-পাশে ব্যৱসায়িক কাৰ্যকলাপৰ গতিশীলতাৰ প্ৰয়াসে এক নতুন প্ৰেৰণা লাভ কৰিব বুলিও আশা কৰা হৈছে। এই প্ৰকল্পৰ পৰিণামস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ মাল্টিম’ডেল পৰিবহণৰ কেন্দ্ৰস্থল বিকশিত হোৱাৰ লগতে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি পাব। ইয়াৰ ফলত সামগ্ৰী পৰিবহনত সুবিধা হব আৰু জনসাধাৰণৰ যাতায়তৰ সময় আৰু খৰচ হ্ৰাস হব।

বিগত বৰ্ষৰ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, ভাৰত চৰকাৰ (আইডব্লিউএআই) আৰু অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সৈতে হোৱা যুটীয়া বৈঠকৰ পৰিণামস্বৰূপে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই বগীবিলত নদীৰ সমীপত উন্নয়নৰ কাম হাতত লৈছিল। সমগ্ৰ প্ৰকল্পটো বগীবিল দলং স্থানৰ দক্ষিণ পাৰৰ ডাউনষ্ট্ৰীমত ৰূপায়ণ কৰা হৈ আছে।

এই প্ৰকল্পটোৱে জলপথ পৰিবহনৰ পণ্য সামগ্ৰী ৰে'লৱেৰ দ্বাৰা গন্তব্যস্থানলৈ পৰিবহনৰ অৰ্থে সুবিধা প্ৰদান কৰাৰ দিশত কাৰ্গো পৰিবহনক নেতৃত্ব প্ৰদান কৰিব। এই বিকশিত ৰিভাৰফ্ৰণ্ট সুবিধা পৰ্যটক কেন্দ্ৰ হিচাপে বিকশিত হোৱাৰ দিশত প্ৰচুৰ সম্ভাৱনা আছে। জেটিত উপলব্ধ থকা নৌকাচালন, ক্ৰুজৰ দৰে আকৰ্ষণীয় জলক্ৰীড়াই পৰ্যটক আৰু সাধাৰণ ৰাইজক বিমুগ্ধকৰ তথা চিত্তাকৰ্ষক আনন্দ প্ৰদান কৰিব। ৰেষ্টুৰেণ্ট, শৌচাগাৰ, পাৰ্কিং আদিৰ দৰে সুবিধাবোৰে জনসাধাৰণক উপকৃত কৰিব।
Published by:Sehnaz Begum
First published: